কটনত শঙ্কৰদেৱৰ সৃজনকলা সম্পৰ্কীয় আলোচনা সত্রৰ আয়োজন

কটনত শঙ্কৰদেৱৰ সৃজনকলা সম্পৰ্কীয় আলোচনা সত্রৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- ২ নৱেম্বৰ, বৃহস্পতিবাৰে, পুৱা ১০ বজাৰ পৰা মুম্বাইস্থিত প্ৰতিশ্রুতি ফাউণ্ডেচন আৰু কটন বিশ্ববিদ্যালয়ে যুটীয়া ভাবে বিশ্বদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত “প্ৰতিবিম্বণঃ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ সৃজনকলাত দৰ্শণৰ প্ৰতিবিম্বণ” (“Reflections: Shankardeva’s Philosophy in his Artistic Creations”) শীৰ্ষক এক আলোচনা সত্রৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত অসমৰ লগতে অসমৰ বাহিৰৰ বিশিষ্ট পণ্ডিত আৰু গৱেষকে নিজৰ সহযোগী সকলৰ সৈতে অসমৰ পুথিচিত্র, ভাওনাৰ নেপথ্যত মুখা আৰু সাজপোছাক, নাট্যশাস্ত্রৰ মাৰ্গ, বৃন্দাৱনী বস্ত্র, অঙ্কীয়া নাটৰ সুত্রধাৰত নাট্যশাস্ত্ৰীয় দৃষ্টিকোন ইত্যাদি আলোচনা আগবঢ়াব। অসমৰ বিশিষ্ট শিল্পী আৰু গৱেষক হেমচন্দ্ৰ গোস্বামী, সমীৰণ বৰুৱা, জ্ঞানৰঞ্জন দাস, কলিকতাৰ নাট্যশাস্ত্র বিশেষজ্ঞ পিয়াল ভট্টাচাৰ্য্যৰ লগতে বৰপেটা, চামগুৰী আৰু কমলাবাৰী সত্রৰ শিল্পী সকলে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। প্ৰতিশ্রুতি ফাউণ্ডেশ্যনে কুৰিটাৰো অধিক বছৰ ধৰি সত্রীয়া তথা শঙ্কৰী কলাকৃষ্টি সমূহৰ বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সৰ্ব ভাৰতীয় পৰ্য্যায়ত তথা আন্তৰ্জাতিক পৰ্য্যায়ত গীত-নৃত্য উৎসৱ, আলোচনা-সত্র আদিৰ আয়োজন কৰি গুৰুদায়িত্ব বহন কৰি আহিছে। কটন বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হবলগীয়া আলোচনা সত্ৰ খনে সত্ৰীয়া তথা শঙ্কৰী কলাকৃষ্টিৰ ক্ষেত্ৰখনলৈ এক গঠনমূলক প্ৰভাব কঢ়ীয়াই অনাৰ লগতে শঙ্কৰদেৱৰ আদৰ্শৰে পৰিচালিত লোক সকলকো উপকৃত কৰিব বুলি আয়োজকসকল খুবেই আশাবাদী।