কচুৱাত বানাক্ৰান্ত ৰাইজৰ বানাক্ৰান্তৰ মাজত সাংসদ আৰু ৰহাৰ বিধায়ক শশী কান্তু দাস উপস্থিত নোহোৱাৰ অভিযোগ

কচুৱাত বানাক্ৰান্ত ৰাইজৰ বানাক্ৰান্তৰ মাজত সাংসদ আৰু ৰহাৰ বিধায়ক শশী কান্তু দাস উপস্থিত নোহোৱাৰ অভিযোগ

খাইৰুল ইছলাম,কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- কচুৱা অপৰিবতীত বান পৰিস্থিতি।ইয়াৰ মাজতে এইবাৰ বানাক্ৰান্ত ৰাইজ জনপ্ৰতিনিধিৰ বিৰোদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কপিলী নদীৰ বাঢ়নী পানীৰে বিধস্ত কৰা বানাক্ৰান্তৰ কাষত জনপ্ৰতিনিধিক নাপায় বিভিন্ন শ্লোগানেৰে এক প্ৰতিবাদ সাব্যস্ত কৰে। ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, আৰু নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদুৎ বৰদলৈৰ বিৰোধে এক প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ চিতলমাৰি গাঁওৰ বানাক্ৰান্তই বৰ্তমান লৈকে এখন দলং ৰ ওপৰত শিবিৰ পাতি আশ্ৰয় লৈ আছে। যদিও আজি লৈকে কোনো জনপ্ৰতিনিধি কিম্বা প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই। যাৰ বাবে ক্ষোভিত হৈ পৰিছে বানত আক্ৰান্তুসকল।উল্লেখ্য যে কচুৱাৰ চিতলমাৰি ৰ বহু ঘৰ বৰ্তমানেও পানীৰ তলত সোমাই আছে। নিজৰ আপোন ঘৰ বাৰী এৰি এনেদৰে এখন দলং ৰ ওপৰত শিবিৰ পাতি আশ্ৰয় লৈ থকা এই সকল বানাক্ৰান্ত লোকসকলৰ মাজত কেইবাগৰাকীও ৰোগীও আবদ্ধ হৈ আছে যদিও তেওঁ লোকৰ চিকিৎসাৰ কোনো ব্যৱস্থা কৰা নাই।