কংগ্ৰেছৰ প্ৰতি আক্রমণাত্মক হৈ পৰে অসমৰ সাংসদ পবিত্র মাৰ্ঘেৰিটা

কংগ্ৰেছৰ প্ৰতি আক্রমণাত্মক হৈ পৰে অসমৰ সাংসদ পবিত্র মাৰ্ঘেৰিটা

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰবাৰ কংগ্ৰেছৰ প্ৰতি আক্রমণাত্মক হৈ পৰে অসমৰ সাংসদ পবিত্র মাৰ্ঘেৰিটা। তেওঁৰ ভাষণত কংগ্ৰেছৰ পূৰ্বৰ কুকীর্তি উদঙাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ অংগৰাজ্য নাগালেণ্ডত প্ৰথমটো ৰে’ল ষ্টেচন স্থাপন হৈছিল ১৯০৩ চনত আৰু ৰাজ্যখনে দ্বিতীয়টো ষ্টেচন লাভ কৰিবলৈ এটা শতিকা অপেক্ষা কৰিবলগীয়া হৈছিল। ২০২২ চনত প্রধানমন্ত্রী মোদীৰ সদিচ্ছাত নাগালেণ্ডত দ্বিতীয়টো ৰে’ল ষ্টেচন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হয়। মোদী চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ সফলতাক উচ্চ প্রশংসাৰে উপচাই সাংসদগৰাকীয়ে পুনৰ কয় যে অসমৰ দীর্ঘতম পথ আৰু ৰে’ল সংযোগী বগীবিল দলঙৰ আধাৰশিলা ১৯৯৭ চনত তদানীন্তন প্রধানমন্ত্রী এইচ ডি দেৱগৌড়াই স্থাপন কৰিছিল। এই দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০০২ চনত তেতিয়াৰ প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ শাসনকালত। আশ্চর্যজনক কথাটো এয়াই যে এই দলংখনৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিছিল অভিলেখসংখ্যক ২১ বছৰ পিছত, অর্থাৎ নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি বগীবিল দলঙৰ নিৰ্মাণকাৰ্যত গুৰুত্ব আৰু অগ্রাধিকাৰ প্ৰদান কৰাৰ পাছতহে এয়া সম্ভৱ হৈ উঠিল। ভাষণ প্রসংগত সাংসদগৰাকীয়ে কয় যে বগীবিল দলঙৰ বাবে যিদৰে অসমবাসীয়ে দেৱগৌড়া আৰু বাজপেয়ীক সদায় মনত ৰাখিব, ঠিক সেইদৰে ১৯৬২ চনত চীনৰ আগ্রাসনৰ সময়ত অসমক প্রায় চীনৰ হাতত সমর্পণ কৰা প্রধানমন্ত্রী নেহৰুকো অসমবাসীয়ে মনত ৰাখিব। একেদৰে নিজৰ অংগৰাজ্য মিজোৰামত চৰকাৰী বায়ুসেনাৰ দ্বাৰা নিজা নাগৰিকৰ ওপৰত বোমা নিক্ষেপ কৰা প্রধানমন্ত্রী ইন্দিৰা গান্ধীকো উত্তৰ-পূৰ্বাঞ্চলে মনত ৰাখিব। সাংসদ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ প্ৰতি আক্রমণাত্মক হৈ পুনৰ কয় যে অসমৰ পৰা দুই-তিনিবাৰকৈ সংসদলৈ নির্বাচিত হৈ প্রধানমন্ত্রীৰ আসন শুৱনি কৰা ড° মনমোহন সিঙে নিজৰ সুদীর্ঘ কার্যকালত মাত্র ৮ কি ৯বাৰ অসম ভ্ৰমণ কৰিছিল, তাৰ বিপৰীতে নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হৈ এতিয়ালৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ৬৫ বাৰ ভ্ৰমণ কৰিছে। এয়াই কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য। তেওঁ পুনৰ কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে ৰাহুল গান্ধীকো মনত ৰাখিব, যিয়ে ২০২২ চনৰ ফেব্ৰুৱাৰীত কৰা এক টুইটত বিনাদ্বিধাই উল্লেখ কৰিছিল যে ভাৰত মানে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা বেংগল, তেওঁৰ মানচিত্ৰত উত্তৰ-পূৰ্বাঞ্চল নাথাকেই। আনকি সৌ সিদিনা ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নির্বাচনত মুখথেকেচা খোৱাৰ পাছত সাংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খার্গেই কৈছিল যে সৰু-সুৰা ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ তেওঁলোক মুঠেই উদ্বিগ্ন নহয়। সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছে সদায় উত্তৰ-পূৰ্বাঞ্চলক নিৰ্বাচনী আসনৰ সংখ্যাৰে দৃষ্টি দি আহিছে, উন্নয়নৰ পৰিমাপেৰে বা জনতাৰ প্ৰতি থাকিবলগীয়া সন্মানেৰে নহয়। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া উত্তৰ- পূৰ্বাঞ্চল আধুনিক ভাৰতৰ ‘বিকাশ ইঞ্জিন’ হৈ উঠিছে আৰু সেইবাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ২৫খন লোকসভাৰ আসনৰ কেউখনেই এতিয়া প্রধানমন্ত্রী মোদীৰ পক্ষত।