কংগ্ৰেছে চিবিআই, ইডি প্ৰধানৰ কাৰ্যকাল বৃদ্ধিৰ সমালোচনা

pc- hindustan times

কংগ্ৰেছে চিবিআই, ইডি প্ৰধানৰ কাৰ্যকাল বৃদ্ধিৰ সমালোচনা

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালাই চিবিআই আৰু ইডি প্ৰধানৰ কাৰ্যকাল পাঁচ বছৰলৈ বৃদ্ধি কৰাৰ কেন্দ্ৰৰ অধ্যাদেশক সমালোচনা কৰি অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে তেওঁলোকক “ক্ষমতা হস্তগত কৰিবলৈ আৰু নিৰ্বাচিত চৰকাৰসমূহক অস্থিৰ কৰিবলৈ” ব্যৱহাৰ কৰে।তেওঁ কয় যে, এতিয়া এই গুণ্ডাসকলক ক্ষমতা প্ৰদান কৰা হৈছে আৰু পুৰস্কৃত কৰা হৈছে। এই কাৰ্যকালত যাতে বিৰোধী কণ্ঠস্বৰক নীৰৱ কৰিবলৈ বিদ্বেষপূৰ্ণ গোচৰ ব্যৱহাৰ কৰা হয়।