কংগ্রেছৰ দুৰ্নীতিক লৈ দেশজুৰি দুৰ্নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত বিজেপিৰ

কংগ্রেছৰ দুৰ্নীতিক লৈ দেশজুৰি দুৰ্নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত বিজেপিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   যোৱা ৬ ডিচেম্বৰৰ পৰা আয়কৰ বিভাগে কংগ্ৰেছ নেতা, ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ঝাৰখণ্ড আৰু ওড়িশাব বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ কৰা নগদ টকাৰ পাহাৰ গণি গণি শেষ কৰিব পৰা নাই বেংক বিষয়াই। আলমিৰা, বস্তাকে ধৰি বিভিন্ন স্থানত ৰখা নগদ টকা আয়কৰ বিভাগে জব্দ কৰাৰ পাছত চাৰি দিন ধৰি এই টকা গণি আছে। আয়কৰ বিভগে প্রকাশ কৰা মতে, কংগ্ৰেছ নেতা চাহুৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তেওঁৰ লগত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানত ১০০তকৈ অধিক বিভাগৰ বিষয়া-কর্মচাৰীয়ে অভিযান চলাই ১৭৬ বস্তা টকা জব্দ কৰে। সাংসদ চাহুৰ বাসগৃহৰ পৰা আলমিৰাত শাৰী শাৰীকৈ সজাই থোৱা টকাৰ বাণ্ডিল বস্তাত ভৰাই জব্দ কৰাৰ পাছত বেংক বিষয়াৰ জৰিয়তে সেই টকা গণনা কৰি ওড়িশাৰ বেংকত জমা ৰাখিছে। আয়কৰ বিভাগে প্রকাশ কৰা মতে, যোৱা ৬ ডিচেম্বৰত বৌধ ডিষ্ট্রিলেৰী প্রাইভেট লিমিটেড (বিডিপিএল) ৰ লগতে সাংসদ চাহুৰ বাসগৃহ, তেওঁৰ পৰিয়ালৰ লোক বান্তি চাহুৰ বাসগৃহত তালাচী চলাই বৃহৎ পৰিমাণৰ নগদ টকা জব্দ কৰিবলৈ সক্ষম হয়। এই জব্দকৃত টকা ৬ ডিচেম্বৰৰ পৰা গণনা আৰম্ভ কৰে আৰু এতিয়ালৈকে ই সমাপ্ত হোৱা নাই। ভাগৰি পৰা বেংক বিষয়া আৰু মেচিন বিকল হোৱাৰ বাবেই টকা গণনা লেহেমীয়া হৈ আছে। শুকুৰবাৰে সন্ধিয়ালৈ ২২৫ কোটি টকা গণনা কৰাৰ পাছত শনিবাৰৰ সন্ধিয়ালৈকে ২৯০ কোটি টকা গণনা কৰিবলৈ সক্ষম হৈছে। তথ্য মতে, এতিয়াও বৃহৎ পৰিমাণৰ টকা গণনা কৰিবলৈ বাকী আছে। আয়কৰ বিভাগে উদ্ধাৰ কৰা এই নগদ টকাৰ ভিতৰত অধিকাংশই ৫০০ টকীয়া। বিডিপিএলৰ উপৰি আয়কৰ বিভাগে বলদের চাহু ইনফ্রা প্রাইভেট লিমিটেড কোম্পানীত অভিযান চলাইছে। আটাইকেইটা অভিযানৰ পাছত বিভাগে ১৭৬ বস্তা টকা জব্দ কৰিবলৈ সক্ষম হৈছে। এই ধনখিনি আলমিৰাকে ধৰি বিভিন্ন স্থানত সযতনে ৰখা আছিল। ৮টা আলমিৰাত সযতনে ৰাখিছিল এই নগদ টকাখিনি। অভিযানৰ সময়তে বি ডি পি এলৰ চৌহদৰ বাহিৰত ফটাছিটা ৫০০ টকীয়া নোটৰ পাহাৰ দেখি অঞ্চলবাসী হতবাক হৈ পৰে। ওড়িশাৰ টিটলাগড়, চম্বলপুৰ, সুন্দৰগড় আৰু ভুবনেশ্বৰৰ লগতে ঝাৰখণ্ডৰ ৰুৰকেল্লা আৰু ৰায়াগড়াত আয়কৰ বিভাগে অভিযান চলাইছে। এই অভিযানৰ এতিয়াও সামৰণি পৰা নাই। প্রতিদিনেই নতুন নতুন তথ্য পোহৰলৈ আহি আছে। উল্লেখ্য যে ধীৰাজ চাহু ৰাজ্যসভাৰ তিনিবাৰকৈ সদস্য আছিল। তেওঁ শক্তি, নতুন আৰু নৱীকৰণ শক্তি মন্ত্রালয়ৰ কনছালটেটিভ সমিতিৰ সদস্যও। কংগ্ৰেছ নেতা চাহুৰ অনেক ব্যৱসায় আছে। ইয়াৰে ভিতৰত দেশীয় সুৰা প্ৰস্তুত আৰু বিক্ৰীৰ কাৰখানাও আছে। তদুপৰি আতিথ্য আপ্যায়ন স্থান, পৰিবহণ, মৎস্য উৎপাদনকে ধৰি বহুতো ব্যৱসায় আছে। এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত বিশেষকৈ সুৰা ব্যৱসায়ত নগদ টকাৰ লেনদেন হয়। ওড়িশা, ঝাৰখণ্ডৰ উপৰি পশ্চিমবংগৰো কেইবাটাও স্থানত এই সন্দৰ্ভত আয়কৰ বিভাগে অভিযান চলাইছে। আনপিনে কংগ্ৰেছ সাংসদৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানত কোটি কোটি টকা আয়কৰ বিভাগে জব্দ কৰাক লৈ শাসকীয় বিজেপি সৰৱ হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক কাৰ্যসূচীত কংগ্ৰেছ নেতাৰ পৰা ২০০ কোটি টকা উদ্ধাৰৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ পৰা লুণ্ঠিত এনে ধনৰ হিচাপ কৰা হ’ব বুলি সকীয়নি দিয়ে।