অমাইক্ৰন কোভিড-১৯ প্ৰকাৰ বিশ্ব স্বাস্থ্যৰ বাবে আটাইতকৈ ডাঙৰ সাম্প্ৰতিক ভাবুকি: জি৭

Pc NDTV.COM

অমাইক্ৰন কোভিড-১৯ প্ৰকাৰ বিশ্ব স্বাস্থ্যৰ বাবে আটাইতকৈ ডাঙৰ সাম্প্ৰতিক ভাবুকি: জি৭

ৰঙিলী বাৰ্ত্তাসেৱা-   সাতখন (জি-৭) দেশৰ গোটে অমাইক্ৰন কোভিড-১৯ প্ৰকাৰক “বিশ্বব্যাপী জনস্বাস্থ্যৰ বাবে বৰ্তমানৰ আটাইতকৈ ডাঙৰ ভাবুকি” বুলি অভিহিত কৰিছে। জি-৭ দেশসমূহে এক বিবৃতিত কয়, “নিবিড়ভাৱে সহযোগিতা কৰা, আৰু নিৰীক্ষণ কৰাৰ লগতে তথ্য ভাগ-বতৰা কৰাটো আগতকৈ অধিক গুৰুত্বপূৰ্ণ।” দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে পোৱা অমাইক্ৰন প্ৰকাৰটো ৭৫ খনতকৈও অধিক দেশত চিনাক্ত কৰা হৈছে।