ওপজা দিনটো আহিলেই সাৰ পাই উঠে – অসমীয়া জাতিৰ সমগ্ৰ সত্বা — মানসী মিশ্ৰ

pc Twitter

ওপজা দিনটো আহিলেই সাৰ পাই উঠে

– অসমীয়া জাতিৰ সমগ্ৰ সত্বা

মানসী মিশ্ৰ

 

হৃদয়ৰ মনিকোঠাত যি সকলক আলফুলে সযতনে ভৰাই লোৱা হয়, সেইসকল কেতিয়াও স্মৃতি হৈ নাযায়। মনৰ মনিকোঠাত স্থায়ী হৈ ৰয় তেওঁলোক। সেইবাবেই শতিকাটোৰ শ্ৰেষ্ঠ অসমীয়া ড০ ভূপেনহাজৰিকানামৰবিশালব্যক্তিত্বৰ অধিকাৰী সেই ব্যক্তিজন আমাৰ নিচেই কাষতে থকা যেন লাগি আছে। তেখেতৰ গীতৰ প্ৰতিটো শব্দ, সেই সুৰৰ মায়াবী শক্তি এতিয়াও আমাৰ চৌপাশে বাজি আছে। শৈশবৰ পৰাই ড০ ভূপেন হাজৰিকাৰ সৃষ্টি ৰাজিৰ একান্ত অনুৰাগি এতিয়াও সেই অনুৰাগ, অনুভুতি একেই আছে আৰু আগলৈও একেই থাকিব। ইয়াৰ মূলতেই হয়তো ড০ ভূপেন হাজৰিকাৰ সৃষ্টি ৰাজিৰ জীৱনৰ প্ৰতিটো স্তৰৰ ব্যক্তিকে সমানে আনন্দ দিব পৰাকৈ এক সন্মোহিনী শক্তি আছে। এই প্ৰিয় মানুহজনৰ গীতৰ এটা কলি দূৰৰ পৰা ভাহি আহিলেও এতিয়া এইটোহে অনুভৱ হয় যে ভূপেন হাজৰিকাই পাঁচটা বছৰ আগতেই মেলানি মাগিছে দূৰ দিগন্তলৈ। স্মৃতিক ধৰি ৰখিব পাৰি, বোকোচাত লৈ ফুৰিব পাৰি কিন্তু মৃত্যুক বাধা দি ৰাখিব নোৱাৰি। জীৱ জগতৰ, প্ৰকৃতিৰ চিৰন্তন সত্যটোৱে হৈছে মৃত্যু। এই নিয়মকে সৰোগত কৰি বিংশ আৰু একবিংশ শতিকাৰ শ্ৰেষ্ঠ অসমীয়াজনো আঁতৰি গৈছে লক্ষ্য লক্ষ্য জনতাৰ মৰম চেনেহক নেওচা দি। সিমানখিনি জনাৰ পিছতো, বুজাৰ শক্তি থকাৰ পিছতো দেখোন নিজৰ মনটোৱে মানিব নোখোজে ড০ ভূপেন হাজৰিকা নামৰ বিশল বটবৃক্ষস্বৰপ এইজন ব্যক্তি আমাৰ মাজত নাই বুলি।

আমাৰ জীৱনত অসমীয়া সংস্কৃতিৰ কাণ্ডাৰী স্বৰূপ বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাক দেখা পোৱাৰ সৌভাগ্য নহল। কিতাপৰ পৃষ্ঠাৰ তেওঁলোকৰ গুণৰাশি, সৃষ্টিৰাজি ককা আইতা তথা জেষ্ঠ্যজনৰ মূখেৰে তেওঁলোকৰ বিশল প্ৰতিভাৰ উমান পাইছোঁ। কিন্তু তাৰ মাজতো একবিংশ শতিকাৰ আজিৰ প্ৰতিনিধি হিচাপে গধবোধ কৰাৰ নিশ্চয়স্থল আছে যে সুধাকণ্ঠৰ বহুতো অনুষ্ঠান স্বচক্ষে নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলোঁ। এইক্ষেত্ৰত নিঃসন্দেহে আমি সৌভাগ্যৱান। ড০ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তে এই কথা প্ৰতিয়মান হৈছিল যে দিন ৰাতি সমান কৰি নশ্বৰ দেহৰ কাষত লক্ষ্য লক্ষ্য জনতাৰ দৰ্শনেৰে যেন এখন তীৰ্থক্ষেত্ৰলৈ পৰিণত হৈছিল। গুৱাহাটীৰ জজ্ খেলপথাৰ। পাৰভঙা অশ্ৰুৰে বিদায় সম্ভাষণ জনাইছিল নব্বৈৰ পৰা দুই তিনিবছৰৰ শিশুলৈকে আৰু এই অভাৱনীয় দৃশ্য এইবাবেই হৈছিল যে ড০ ভূপেন হাজৰিকা আছিল তুলনা বিহীন। তেখেতে কেৱল প্ৰতিভাশালী গায়কেই নাছিল, তেখেত এজন মহান গীতিকাৰেই নহয়, মানুহৰ হৃদয়ত শ্ৰেষ্ঠ স্থান পোৱা সাহিত্যিকেই নহয় তেখেত। এই সকলোবোৰ হৈয়ো সকলোৰে উৰ্ধত তেখেত অন্যান্য। প্ৰতিজন মানুহৰ ভিতৰত সোমাই পৰা তেওঁ একবিংশ শতিকাৰ শ্ৰেষ্ঠ অসমীয়া। তেখেতৰ গান যিয়ে একাত্ম হৈ শুনিছিল প্ৰত্যেকেই সেই গানৰ মাজেদি বিচাৰি পাইছিল জীৱনৰ অভিব্যেক্তি। তেখেতে গীত লিখি গৈছিল শিশুৰ বাবে, ডেকা-গাভৰুৰ বাবে। তেখেতৰ গীতসমূহত প্ৰতিফলিত হৈছিল শদিয়াৰ পৰা ধুবুৰীলৈ, টিৰাপ সিমান্তৰ পৰা খাছীভূমিত বাস কৰা লোকসকলৰ জীৱনৰ বিভিন্ন প্ৰতিচ্ছবি। তেখেতে গীত ৰচনা কৰি  গৈছিল কৃষকৰ মুক্তিৰ বাবে, শ্ৰমিকৰ মুক্তিৰ বাবে।

সেইবাবে ভূপেন হাজৰিকা নামৰ ব্যক্তিজনৰ কণ্ঠৰ পৰা নিগৰি ওলোৱা এটি শব্দ শুনিলে অমৃত সুধা পান কৰা যেন লাগে। পাহাৰে ভৈয়ামে প্ৰতিগৰাকী অসমীয়াই নিৰ্বিবাদে মানি লৈছে ড০ ভূপেন হাজৰিকাৰ মহানতা, এই যুগপ্ৰষ্টাজনৰ জনপ্ৰিয়তা। নিজকে যাযাবৰ বুলি কৈ ভালপোৱা এইজন মহান শিল্পীয়ে সৃষ্টি কৰা প্ৰতিটো গীতৰ একোচি শব্দই সমাজক, দেশক দিছিল একোতাকৈ জনগভীৰ বাৰ্তা। তেখেতৰ চিন্তাত, তেখেতৰ সৃষ্টিত এনেকুৱা এখন মানুহেৰে পৰিবেষ্টিত সমাজৰ আশা কৰিছিল, যিখন সমাজৰ প্ৰতিজন ব্যক্তিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে  সকলোকে উদ্বত থাকি কেৱল চিন্তা কৰিব পাৰে মানুহৰ বাবে। ড০ ভূপেন হাজৰিকাৰ প্ৰথম পৰিচয় তেখেত এজন অসমীয়া, আধুনিক শিল্প সংস্কৃতিৰ নিপুণ খনিকৰ তেখেতৰ উদাৰতা আৰু বিশালতাৰ পৰিচয় তেখেতৰ বিশ্বজনীন সাৰ্বজনীনতাৰ মাজেদিয়ে পোৱা যায়। প্ৰতিটো গীতৰ সৃষ্টিত কোনোবাটোত প্ৰতিফলিত হৈছে জতিভেদ নেওচিব খোজা একবিংশ শতিকাৰ একোখন প্ৰতিচ্ছবি। কিন্তু দুখৰ বিষয় যে এইজন ভূপেন দা এটাসময়ত মানুহৰ মৰমৰ পৰা বঞ্চিত হৈছিল। মানুহে ভূল মনেভাৱ তেখেতৰ ওপৰত পোষণ  কৰি তেখেতৰ সাংস্কৃতিক কাৰ্যসূচীবোৰত উপস্থিত থকা সভা সমিতি পৰ্যন্ত  বৰ্জন কৰিছিল। সেয়েহে মনৰ বেজাৰতে জীৱনৰ সুদীৰ্ঘকাল অসমৰ বাহিৰতে অতিবাহিত কৰিছিল। তথাপিও তেখেতে স্বদেশ আৰু স্বজাতিৰ কাৰণে অহৰহ সৃষ্টি কৰি গৈছিল।

তেখেতৰ অৱৰ্তমানত আজি ৮ ছেপ্তেম্বৰত তেখেতৰ উপজাদিন ৰাজ্যবাসী উদযাপন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে বিভিন্ন স্মৃতিসভা, সাংস্কৃত সন্ধিয়া, ছাত্ৰ-ছাত্ৰীৰ মাজত তেখেতৰ গীতৰ প্ৰতিযোগীতা আদিও পাতিবলৈ লোৱা হৈছে। অসম চৰকাৰৰ সৌজন্যত জালুকবাৰী তেখেতৰ সমাধিক্ষেত্ৰ প্ৰাংগনত স্মৃতিসভাৰ আয়োজন কৰা হয় প্ৰতিটোবৰ্ষতে।এই জন্মদিৱস পালনৰ মূহুৰ্তত এটা কথা বাৰে বাৰে মনলৈ আহে যে এইজন মহানায়কক আমি বিষ্মান দিনলৈ এইদৰে জিয়াই ৰাখিব পাৰিম। আবেগ বিহ্বল অসমীয়া জাতিয়ে হয়তো কৈ দিব যে লুইতৰ পানী যিমান দিনলৈ বৈ থাকিব ড০ ভূপেন হাজৰিকাও আমাৰ মাজত সিমান দিনলৈ জিয়াই থাকিব। আমি বৃহত্তৰ অসমীয়া জাতিয়ে গুৰুত্ব দিব লাগে যে আমি সুধাকণ্ঠৰ বিশাল সৃষ্টিৰাজিক কিদৰে সংৰক্ষণ কৰিম। তেখেতৰ সৃষ্টি অতি উচ্চমানৰ, অতুলনীয়, সেই সৃষ্টৰাজি বিশ্বৰ বিভিন্ন প্ৰান্তত সমাদৃত হবলৈ হলে তেখেতৰ সৃষ্টিসমূহ মূখ্য ভাষা সমূহলৈ অনুদিত হোৱা দৰকাৰ। এই ক্ষেত্ৰত চৰকাৰেও আগভাগ লৈ বিজ্ঞ লোকৰ দ্বাৰা অনুবাদৰ কামখিনি সম্পন্ন কৰিব লগে। তেখেতৰ সৃষ্টিৰাজি নতুন প্ৰজন্মই ধৰি ৰাখিব লাগিব। সেইবাবে উঠি অহা প্ৰজন্মৰ মাজত সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ খুব ভালদৰে হব লাগে। তেখেতৰ উপজা আৰু মৃত্যুৰ দিনটোত কিছু কাৰ্যসূচী হাতত লোৱা হয় যদিও ড০ ভূপেন হাজৰিকা নামৰ বিশাল সত্বাটোক জীয়াই ৰাখিবলৈ এইখিনিয়ে যঠেষ্ট নহয়। বিদ্যালয়ৰ পাঠ্যক্ৰমত দৰাচলতে একোচি পাঠ অন্তৰ্ভূক্ত হব লাগে যত সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ বিষয়ে বিষদভাৱে গম পাব পাৰি। তেখেতৰ সৃষ্টিৰাজি সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে যিটো সংগ্ৰহালয় স্থাপন কৰা হৈছিল সেইটো উপযুক্তভৱে গঢ় দিব লাগে।

প্ৰতি বছৰে ৰাজ্যখনত বহাগ বিহুৰ নামত দীঘলিয়াকৈ সাংস্কৃতিক কাৰ্যসূচী ৰাজ্যখনত হৈ থাকে। এইসমূহত সকলো গায়কে ড০ ভূপেন হাজৰিকা একোটি গান গোৱাতো এক প্ৰকাৰৰ নিশ্চিত কৰিব লাগে। এই ক্ষেত্ৰত কাৰো ওপৰত বাধ্যবাধকতা জপি দিয়া কথা নহয়। গয়ক সকললে নিজ বিবেকেৰে চিন্তা কৰি এই সিদ্ধান্ত লব লাগে। ভৱিষ্যত প্ৰজন্মই নিজস্ব কলা-সংস্কৃতিক জীয়াই ৰাখিব লাগিব আৰু সেই বাবে এই কথা সমূহলৈ লক্ষ্য ৰাখি গায়কসকলে নিজাববিয়াকৈ এনেধৰণৰ ইতিবাচক পদক্ষেপসমূহ হাতত লব লাগে। ওৰেটো জীৱন অসম আৰু অসমীয়াৰ উন্নতিৰ হকে চিন্তা কৰি যোৱা, ওৰেটো জীৱন সৃষ্টি কৰি যোৱা ড০ ভূপেন হাজৰিকা নামৰ মহাৰ শিল্পীজনৰ বাবে অসমীয়া জাতিয়ে এইখিনি কৰিব নোৱাৰিবনে ? নিশ্চয় পাৰিব।