ওদালগুৰি জিলা খৈৰানিত পুনৰ সংঘটিত হ’ল হাতী মানুহৰ সংঘাত

ওদালগুৰি জিলা খৈৰানিত পুনৰ সংঘটিত হ’ল হাতী মানুহৰ সংঘাত হাতীৰ গচকত গুৰুতৰ ভাৱে আহত টেংকিবস্তীৰ মহেন্দ্ৰ ৰায়

অমৰজিৎ ৰাভা, ওদালগুৰি,বাৰ্ত্তাসেৱা-  বিটিআৰ ওদালগুৰি জিলা ভাৰত ভূটান সীমান্তত সঘনে সংঘটিত হয় থকা এক দুৰ্দান্ত সংঘাত!! হাতী মানুহৰ সংঘাত!!সন্দৰ্ভত প্ৰতিমাহত এবাৰ হলেও সংঘটিত হয় এই ঘটনা  যাৰ ফলত ওদালগুৰি জিলা ভাৰত ভূটান সীমান্তত টেংকি বস্ত, খৈৰানি, বৰঙ্গাজুলি, বামনজুলি, ছাগলীঝাৰ ইত্যাদি অঞ্চলবোৰত এতমধ্যে বহুলোকে প্ৰাণ হেৰুৱাই আহিছে। যাৰ পৰিপেক্ষিতত সোমবাৰে দিনৰ ভাগত পুনৰ এই ঘটনা সংঘটিত হ’ল ওদালগুৰি জিলা খৈৰানিত।! উল্লেখ্য যে ডিমাকুছি থানা অন্তৰ্গত ২নং টেংকি বস্তি গাৱৰ মহেন্দ্ৰ ৰায় (৫০) নামৰ ব্যক্তিজনে সোমবাৰে দিনৰ ভাগত  খৈৰানি ননকে শুক্লাইত কামৰ সন্ধানত ঘৰৰ পৰা ওলাই আহিছিল । তেনেতে খাদ্যৰ সন্ধানত মুক্তভাৱে বিছৰণ কৰি থকা বনৰীয়া হাতীৰ সৈতে সংঘৰ্ষ হয় যাৰ পৰিপেক্ষিতত মহেন্দ্ৰ ৰায় হাতীৰ গচকত গুৰুতৰভাৱে আহত আৰু এতিমধ্যে স্থানিয় লোকে আহত মহেন্দ্ৰ ৰায়ক টংলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু উন্নত চিকিৎসাৰ তেখেতক টংলাৰ চিকিৎসালয় পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় লোকে জানিব দিয়ে।