এয়া যে ফাগুন- অখিল কুমাৰ বৰুৱা

pc Jagonews

এয়া যে ফাগুন

সৰাপাতে পাতে ফাগুন নামে

বতাহে কাণে কাণে ক’লে

নুশুবা পলাশ নহবা অভিমানী

ফাগুন তুমি আহিলা এনেকৈ

আতৰি যাবাগৈ এনেকৈ

ফাগুন নহবা ইমান অভিমানী

ফাগুনত ৰঙৰ পোছাক পিন্ধি

সচাকৈ ভালপোৱা

এইয়া ফাগুনৰ বতৰ প্ৰেমৰ উৎসৱ

লগত একাজলি হলিৰ ৰঙ

গুজি দিয়া আমাৰ হাতত

হাচনাহানাৰ সুবাশিত ৰাগীত

আছোহি মই গুন গুন এটি গানৰ

কলি হৈ

এইয়া ফাগুনৰ বতাহ

শিমলু তুলাউৰে কাচোনত

ঋতুৱে বৰণ সলায়

দিন আহে ৰাতি যায়

পদুলিত মোৰ কাৰ বুলনিত

ফুলিল তেজ ৰঙা পলাশ

তথাপি পলাশ শিমলু

নুশুৱা নহবা অভিমানী

তোমাৰ খোজৰ পৰশত

প্ৰাণ পায় উঠিছে এটি সুৰ

অ’ পলাশ শিমলু

কি ৰঙ ৰঙেৰে উতলা

অখিল কুমাৰ বৰুৱা,
যোৰহাট