এফআইএইচ পুৰুষৰ প্ৰ’ হকী লীগত বেলজিয়ামৰ হাতত ৩-২ গ’লত পৰাজিত ভাৰত 

Pc Hindustan Times

এফআইএইচ পুৰুষৰ প্ৰ’ হকী লীগত বেলজিয়ামৰ হাতত ৩-২ গ’লত পৰাজিত ভাৰত 

ৰঙিলী বাৰ্ত্তাসেৱা-  এফ আই এইচ পুৰুষৰ প্ৰ’হকী লীগৰ টাইৰ দ্বিতীয় পৰ্যায়ৰ খেলখনত বেলজিয়ামৰ হাতত ৩-২ গ’লৰ ব্যৱধানত ভাৰত পৰাজিত হয়। এই পৰাজয়ৰ পিছত, ভাৰতে ১৪ খন মেচৰ অন্তত ২৯ পইণ্ট লাভ কৰি দ্বিতীয় স্থানৰ পৰা তৃতীয় স্থানলৈ নামি আহিছে। ভাৰতে এতিয়া ১৮ আৰু ১৯ জুনত  নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলিব।