এপিডিচিত্রল কেলেংকাৰিৰ ৯ অভিযুক্তৰ জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

Pc the Sentinel Assam

এপিডিচিত্রল কেলেংকাৰিৰ ৯ অভিযুক্তৰ জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ বিভিন্ন পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত সংঘটিত ব্যাপক অনিয়মৰ তদন্ত সঠিকভাবে আগুৱাই নিব পৰা নাই। এই গোচৰটোত গ্ৰেপ্তাৰ হোৱা ৯জন অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ সময়ত চৰকাৰী পক্ষই প্ৰকাশ কৰা তথ্যত পোহৰলৈ আহিছে এই কথা। তদন্তকাৰী বিষয়াই চৰকাৰী অধিবক্তালৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰা অনুসৰি গোচৰটোৰ তদন্তকাৰী বিষয়াই তদন্তৰ সময় বৃদ্ধি কৰাৰ বাবে ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত আবেদন দাখিল কৰিছে। উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ সময়ত  ফৌজদাৰী বিধিৰ অধীনত এনেধৰণৰ গোচৰৰ ক্ষেত্ৰত তদন্ত ৰ কাল ৬০ দিনতকৈ অধিক বৃদ্ধি কৰাৰ কোনোধৰণৰ নিয়ম নাই বুলি উল্লেখ কৰিছিল।চৰকাৰী অধিবক্তাক তদন্তকাৰী বিষয়াই দাখিল কৰা পত্ৰখনত উল্লেখ কৰা অনুসৰি কিছুদিনৰ ভিতৰতে এই গোচৰটোৰ চাৰ্জশ্বীট দাখিল কৰিবলৈও তদন্তকাৰী সংস্থাৰ বাবে সম্ভৱ নহ’ব। যাৰ বাবে নিৰ্ধাৰিত ৬০ দিনৰ ভিতৰত এই গোচৰটোৰ তদন্ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ।আনহাতে এই গোচৰটোৰ তদন্তৰ সময়ত তদন্তকাৰী সংস্থাই জব্দ কৰা ম’বাইল হেণ্ডছেটসমূহ ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে যদিও এতিয়াও প্রতিবেদন লাভ কৰা নাই। কেছ ডায়েৰী অধ্যয়নৰ পিছত উচ্চ ন্যায়ালয়ে প্রকাশ কৰে যে গোচৰটোৰ তদন্ত প্রক্রিয়াত এতিয়াও বহু বিষয় অনুসন্ধান কৰিবলৈ বাকী আছে। যাৰ বাবে এই গোচৰটো প্ৰাৰম্ভিক পৰ্যায়তে থকা বুলি মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ে। সেয়েহে উক্ত বিষয়সমূহ বিবেচনা কৰাৰ লগতে নিৰ্ধাৰিত ৬০ দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ তদন্তকাৰী সংস্থা সক্ষম নহ’ব বুলি আশংকা কৰি গোচৰটোত গ্ৰেপ্তাৰ হোৱা ৯ অভিযুক্তৰ জামিন উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ মঞ্জুৰ কৰিছে।