এডাল কুটা -শতাব্দী শৰ্মা 

Pc Kirk Eye Center

এডাল কুটা

চকুত এডাল কুটা সোমাল ,
অন্ধ কৰিব পৰাকৈ
কুটাডাল শক্তিশালী নহয়!
অলপ সময় খচখচনি ,
অলপ সময় অসহ্য হকা – বধা
দৃষ্টি নিক্ষেপত !
এপাকত কুটাডাল নিজে নিজে ওলাল ।
সুদূৰপ্ৰসাৰী দৃষ্টি লভি
পুনৰ চাব বাধ্য হ’লো ,
বেয়া – ভাল মিশ্ৰিত
সহজ – অসহজ দৃশ্যপট ।
-শতাব্দী শৰ্মা 
                     নগাঁও