(১)
এটা পদ্যৰ আঁত ধৰি
*******
বহুদিন মোৰ ব্যাহত জীৱন যাত্ৰা।
কিমান যে জনতাৰ মোলৈ অপেক্ষা!
ব্যথিত হৈছিলোঁ মইও
মোৰ দেহৰ সিৰাত অনুষক্ত
ঘৰবোৰ যেতিয়া
পৰি ৰৈছিল নিঃশব্দে।
পুনৰ সৰ্পিল গতি মোৰ
আৰম্ভ হ’ল;
জনতাৰ অন্তৰৰ কলীয়া
ডাৱৰ আঁতৰি,
উন্মীলিত নয়নত গোট খালে
আশাৰ সপোন।
মোৰ স্বৰধ্বনিয়ে দি গ’ল
কাৰোবাক সময়ৰ হিচাপ
আৰু
কাৰোবাক সপোনৰ ঠিকনা।
এইদৰে মই বৈ নিওঁ
টোপোলাত মোৰ
কাৰোবাৰ দুখ,
কাৰোবাৰ সুখ।
আকৌ,
কিন্নৰীসকলৰ বাবে
মই হেনো ভৰসাৰ থল;
হাত চাপৰিৰে আশীৰ্বাদ দি
চলাই যি বাস্তৱ জীৱন নাট।
প্ৰতিদিনে,
অনুদ্দাত পথেৰে আগবাঢ়ো
অনিশভাৱে..
মোৰ গাতে চলা বিভিন্নজনৰ
ভিন্ন নাটৰ পাণ্ডুলিপি কঢ়িয়াই।
জানিবৰ মন যায়,
মোৰ বাবে,
আজিও বাৰু ক’ৰবাত
সাৰ পাই উঠেনে সেই পদ্যটি
“ৰেল ঐ ৰেল….।”
🖋️মেঘালী দেৱী
দেৰগাঁও