এখন বিদ্যালয়ৰ জন্মকথা – সত্যজিৎ গগৈ

এখন বিদ্যালয়ৰ জন্মকথা
সত্যজিৎ গগৈ, ডিব্ৰুগড়
উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য হৈছে মণিপুৰ।সেই মণিপুৰৰ ইম্ফলতেই ১৯৭২ চনত জন্ম গ্ৰহণ কৰিছিল এ.এচ. চেমুৱেল(কাৰ্কী) নামৰ এজন মনিষীয়ে।তাতেই তেওঁ স্কুলীয়া জীৱন আৰম্ভ কৰে আৰু পিচলৈ মনিপুৰতেই শিক্ষা জীৱন সামৰি ১৯৯৩ চনত অসমলৈ আহে।অসম মানে নগাওঁ জিলাৰ জখলাবন্ধা থানাৰ অন্তৰ্গত বামুণী নামৰ অঞ্চলটোলৈ।তেতিয়া বামুণী অঞ্চলৰ বাট-পথ বৰ সুবিধাজনক নাছিল।জনবসতিও খুওৱ  কম আছিল।একাডেমিক শিক্ষাৰে শিক্ষিত লোকৰ সংখ্যাও আঙুলিৰ মূৰত গণিব পৰা বিধৰ আছিল।সেয়েহে তেওঁ সেই অঞ্চলত এখন বিদ্যালয় স্থাপন কৰাৰ কথা মনতে ভাবিলে।কথা মতেই কাম।১৯৯৩ চনৰ পৰা ১৯৯৪ চনলৈকে সেই সময়খিনি তেওঁৰ বাবে আছিল অগ্নি পৰীক্ষা।কিয়নো তেওঁ আধুনিক শিক্ষাৰে পিচপৰা অঞ্চল এটাৰ সৰ্বাংগীণ উন্নতিৰ কথা চিন্তা কৰিছিল।সেই সময়তেই তেওঁ অঞ্চলটোৰ বহু ব্যক্তিৰ সংস্পৰ্শলৈ আহিল।বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কলে।তাৰ মাজতেই এজন ভদ্ৰ লোকে তেখেতৰ মহৎ চিন্তাক উৎসাহ জনাই এখন বিদ্যালয় স্থাপনৰ বাবে সহযোগিতা আগবঢ়ালে।তাৰ লগে লগে বহু কেইজন ব্যক্তিয়েও তেখেতৰ সৈতে সহযোগ কৰি ১৯৯৪ চনত “কম্পেছন ইংলিছ স্কুল” নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিলে।বিদ্যালয়খনৰ অভাৱ হয়তু অঞ্চলটোৰ ৰাইজে বহু আগৰে পৰাই অনুভৱ কৰি আছিল।অতি পিচপৰা অঞ্চলত এখন ইংলিছ স্কুল স্থাপনৰ লগে লগে বহু অভিভাৱকে বিদ্যালয়খনৰ উন্নতিৰ বাবে সহায় কৰিল।লাহে লাহে ছাত্ৰ-ছাত্ৰী বাঢ়িল,শিক্ষক সকল বাঢ়িল,মানুহবোৰ শিক্ষিত হ’বলৈ ধৰিলে।হাবি-জংঘলেৰে আৱৰি থকা অঞ্চল এটা ক্ৰমান্বয়ে পোহৰ হ’বলৈ ধৰিলে।সকলোৱে জোনাকীৰ বাটেৰে খোজ বুলিলে।এতিয়া বিদ্যালয় খনে ২৯ বছৰত ভৰি দিলে।বিদ্যালয় খনে বহুজনক জীৱিকাৰ সন্ধান দিয়াত সহায় কৰিলে।বহুজন মানুহ হ’ল।বহুজন অমানুহ হৈয়ে ৰ’ল।তথাপি মণিপুৰৰ পৰা অহা এ.এচ.চেমুৱেল কাৰ্কী থমকি নৰ’ল।কিমান সুন্দৰ মন এটা থাকিলে মানুহে শিক্ষাৰ মন্দিৰ এটা নিৰ্মানৰ কথা ভাৱিব পাৰে!আজিৰ দিনত তেখেতৰ দৰে চিন্তা কৰা ব্যক্তি ওলাবনে?যদিও ওলাব,তথাপি তেওঁৰ চিন্তা হ’ব ব্যৱসায়িক।আজিৰ দিনত তেওঁ কেৱল বামুণী অঞ্চলটোৰেই নহয়,সমগ্ৰ অসমৰ বাবেই প্ৰেৰণাৰ উৎস।তেওঁ নিজৰ পেটৰ ভোকৰ কথা চিন্তা কৰা নাছিল।চিন্তা কৰিছিল যে কেনেকৈ অঞ্চলটোৰ ৰাইজক বা নৱ প্ৰজন্মক ভোকৰ তাড়নাৰ পৰা পৰিত্ৰাণ দিব পাৰি।অৱশেষত তেওঁৰ সেই সপোন বাস্তৱত পৰিণত হ’ল।সেয়েহে হয়তু আজি বামুণী জিলিকি উঠিছে।এখন চুবুৰীয়া ৰাজ্যত জন্মগ্ৰহণ কৰিও অসমৰ হিতৰ বাবে চিন্তা কৰা এই মহান মনিষীজন আজি আমাৰ মাজত নাই। ২০২২ চনৰ ২৪ জুলাই তাৰিখে তেখেতে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লৈ অজান মুলুকলৈ গুছি গ’ল।কিন্তু আমাক দি থৈ গ’ল কাহানিও নুমাই নোযোৱা এগছি শিক্ষাৰ বন্তি।সেই বন্তি গছিৰ তলতেই বহি ক’তজনে জীৱনটোক আগুৱাই লৈ গৈছে।তাৰ কোনো হিচাপ নাই।তেখেতৰ এই কৰ্মৰ বাবে কায়িক ভাৱে নাথাকিকেও আত্মিকতাৰে আজিও আমাৰ মাজত অমৰ হৈ আছে।সেয়েহে আজি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো।এনে সু-চিন্তাবিদ তথা এ.এচ.চেমুৱেলৰ দৰে মানুহ আৰু জন্ম হওক।সমাজখনৰ বাবে কৰি যাওক অনন্য কৰ্ম।যি কৰ্মই সমাজখন ধুনীয়া কৰাত সহায়ক হ’ব আৰু আজীৱন প্ৰেৰণাৰ উৎস হৈ থাকিব।