একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাপক পূৰ্ণ্যশ্লোক আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ মহাপ্ৰয়াণ তিথিৰ গুৰুস্মৰণ সভা আৰু তেৰাৰ স্মৃতিত মহাপালনম কীৰ্তনৰ সামৰণি

একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাপক পূৰ্ণ্যশ্লোক আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ মহাপ্ৰয়াণ তিথিৰ গুৰুস্মৰণ সভা আৰু তেৰাৰ স্মৃতিত মহাপালনম কীৰ্তনৰ সামৰণি

ধিং,ৰঙিলী বাৰ্ত্তাসেৱা-  একশৰণ ভাগৱতী সমাজ অসমৰ কেন্দ্ৰীয় কাৰ্যালয় অষ্টপ্ৰহৰ পালনাম থান মধ্য অসমৰ মৰিগাঁও জিলাৰ জালুগুটিত একশৰণ ভাগৱতী সমাজ অসমৰ চাৰিদিনীয়া কাৰ্যসূচীৰে ভক্তি দিৱস, প্ৰাদেশিক পাৰমাৰ্থিক সন্মিলন কেন্দ্ৰীয় বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু মহাপালনাম কীৰ্তন অনুষ্ঠানৰ কাৰ্যসূচী আবেলি ৪ বজাত সুকলমে সম্পন্ন হয়। ১৭ অক্টোবৰ ৰাতিপুৱা ৫ বজাত প্ৰাত: প্ৰসংগ আৰু ৭ বজাত ধৰ্মধ্বজা উত্তোলনেৰে চাৰিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । দ্বিতীয় দিনাৰ কাৰ্যসূচীত আছিল জপযজ্ঞ আৰু বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা। ১ কাতি ১৯ অক্টোবৰ বুধবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা প্ৰাত: প্ৰসংগৰে জপযজ্ঞ আৰম্ভ লগতে দুপৰীয়া ১২ বজাত মধ্যাহ্ন প্ৰসংগৰ পিছতে গুৰুস্মৰণ সভাৰ জৰিয়তে আচাৰ্য প্ৰণাম আৰু বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰে। সন্ধিয়ালৈকে গুণমালা কীৰ্তন আৰু নিশা ১০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ হয়। আজি পুৱা মহাপালনাম সামৰণি কৃপা প্ৰাৰ্থনা আৰু আবেলি ৪ বজাত ধৰ্মধ্বজা অৱতৰণেৰে চাৰিদিনীয়াৰ কাৰ্যসূচীৰ শুভ সমাপ্তি হয়।