একবিংশ শতিকাৰ দুটা দশকৰ অসমীয়া চুটিগল্প- লক্ষীপ্ৰিয়া বৰা

pcbook shop

একবিংশ শতিকাৰ দুটা দশকৰ অসমীয়া pcbook shop

চুটিগল্প ঊনবিংশ শতাব্দীৰ অভিনৱ সাহিত্য সৃষ্টি। সাহিত্যৰ বিশিষ্ট বিভাগ হিচাপে বৰ্তমান যুগত চুটিগল্পৰ জনপ্ৰিয়তা ব্যাপক। চুটিগল্প হ’ল সাহিত্যৰ এক বিশেষ শিল্পকৃতি, য’ত পোৱা যায় ক্ষণিকৰ বুকুত চিৰন্তনৰ ব্যঞ্জনা আৰু বিন্দুৰ বুকুত সিন্ধুৰ চেতনা।
পৃথিৱীৰ প্ৰথম চুটিগল্প কোনটো সঠিককৈ কোৱা টান। তথাপি বালজাকৰ ‘ড্ৰল ষ্টৰিজ’ৰ গল্পসমূহতে প্ৰথমবাৰৰ কাৰণে উপন্যাসিকা আৰু চুটিগল্পৰ চিন-নিচিন সীমান্ত অতিক্ৰম কৰি গল্প সাহিত্যই চুটিগল্পৰ নিশ্চিত ৰাজ্যত প্ৰৱেশ কৰাৰ আভাস পোৱা যায়। মেৰিমেৰ হাততেই চুটিগল্পই তাৰ স্বতন্ত্ৰ বৈশিষ্ট্য লাভ কৰা বুলি ক’ব পাৰি। অৱশ্যে, ফৰাচী আৰু ৰুছ সাহিত্যত প্ৰায় একেটা সময়তে দুগৰাকী ক্ষণজন্মা কথাগুৰুৰ আবিৰ্ভাৱ ঘটে। মোপাচাঁ আৰু চেখভ দুয়ো যেন পৃথিৱীত জন্মগ্ৰহণ কৰিছিল চুটিগল্পক সাহিত্যৰূপ হিচাপে গজগজীয়া কৰি তুলিবৰ বাবেই।
অসমীয়া সাহিত্যও সেই কল্যানময় শুভ-সংক্ৰমণৰ ব্যতিক্ৰম হৈ নৰ’ল। অসমীয়া সাহিত্যলৈ এই নৱতম সাহিত্যৰূপটোক সুৱাগুৰি তুলি আনিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। কলিকতাৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত(১৮৯২) প্ৰকাশ পোৱা বেজবৰুৱা দেৱৰ ‘সেউতী’য়েই হ’ল প্ৰথম অসমীয়া চুটিগল্প। বেজবৰুৱাৰ লগতে প্ৰাৰম্ভিক কালত অসমীয়া চুটিগল্পক সমৃদ্ধ কৰা গল্পকাৰ কেইজন হ’ল– শৰৎ চন্দ্ৰ গোস্বামী, নকুল চন্দ্ৰ ভূঞা, সূৰ্যকুমাৰ ভূঞা, দণ্ডিনাথ কলিতা, লক্ষ্মীনাথ ফুকন, মিত্ৰদেৱ মহন্ত, মহীচন্দ্ৰ বৰা, হলিৰাম ডেকা আদি। পিছৰ পৰ্যায়ত ৰামধেনু কাকতকে কেন্দ্ৰ হিচাপে লৈ অসমীয়া গল্পকাৰে অসমীয়া চুটিগল্পক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিলে ন ন ভাৱ তথা আংগিকেৰে। ৰামধেনু যুগৰ প্ৰধান গল্পকাৰ সকলৰ ভিতৰত উল্লেখযোগ্য হ’ল – চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, মহিম বৰা, সৌৰভ কুমাৰ চলিহা, ভবেন্দ্ৰ নাথ শইকীয়া, হোমেন বৰগোহাঞি, নিৰোদ চৌধুৰী, চন্দ্ৰপ্ৰসাদ শইকীয়া, স্নেহ দেৱী, নিৰুপমা বৰগোহাঞি, অতুলানন্দ গোস্বামী, শীলভদ্ৰ, মামণি ৰয়ছম গোস্বামী, নগেন শইকীয়া, অনিমা দত্ত, প্ৰবীণা শইকীয়া, গোবিন্দ প্ৰসাদ শৰ্মা, কুমুদ গোস্বামী, অপূৰ্ব শৰ্মা, ভদ্ৰেশ্বৰ শইকীয়া, ৰিজু হাজৰিকা, যতীন বৰা, লক্ষ্মীনন্দন বৰা আদি।
ৰামধেনু আলোচনীৰ প্ৰকাশ বন্ধ হৈ যোৱাৰ লগে লগে অসমীয়া গল্প সাহিত্যইও সুঁতি সলাইছিল। ইয়াৰ মূলতে হ’ল এই সময়ছোৱাত সংঘটিত বিভিন্ন সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক পৰিবৰ্তন। ভাৰতবৰ্ষই ১৯৪৭ চনতে স্বাধীনতা লাভ কৰিলে যদিও ইয়াৰে বিভিন্ন অঞ্চল আগৰ দৰেই অনগ্ৰসৰ হৈ ৰ’ল। অধিকাংশ লোকৰে স্বাধীনতা সম্পৰ্কে থকা ধাৰণাৰ প্ৰতি মোহভংগ ঘটিল। বিভিন্ন নৃ- গোষ্ঠীয়ে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে হাতত বন্দুক তুলি লৈ সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিলে। অস্তিত্ব ৰক্ষাৰ আন্দোলন, স্বাধীন অসমৰ আন্দোলন আদিত অসমীয়া সমাজ জীৱন জৰ্জৰিত হৈ পৰিল। এইবোৰ ঘটনাৰ প্ৰকাশ অসমীয়া সাহিত্যতো বিদ্যমান হৈ পৰিল।
বিংশ শতিকাৰ শেষৰ আৰু একবিংশ শতিকাৰ প্ৰথমৰ চুটিগল্পসমূহ আৰু পূৰ্বৰ দৰে নিটোল ফল হৈ নাথাকি আধুনিক কবিতাৰ দৰেই কূট আৰু ৰহস্যময় হৈ উঠিল। একৈশ শতিকাৰ পাৰ হৈ যোৱা দশক দুটাত কেইবাজনো প্ৰতিষ্ঠিত গল্পকাৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অহাৰ লগতে বহু কেইজন প্ৰচুৰ সম্ভাৱনা পূৰ্ণ গল্পকাৰৰ আৱিৰ্ভাৱ ঘটিল — অৰুণ গোস্বামী, অনিল শইকীয়া, অখিল চক্ৰৱৰ্তী, অৰূপা পটংগীয়া কলিতা, অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য, অভিজিৎ শৰ্মা বৰুৱা, মনোৰমা মেধি, জ্যোতিষ শিকদাৰ, দেৱব্ৰত দাস, নবীন বৰুৱা, প্ৰশান্ত কুমাৰ দাস, প্ৰশান্ত ৰাজগুৰু, বিপুল কুমাৰ শইকীয়া, বিজয় শংকৰ শৰ্মা, ভূপেন শৰ্মা, বিপুল খাটনীয়াৰ, বন্দিতা ফুকন, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, ভৃংগেশ্বৰ শৰ্মা, মদন শৰ্মা, মনোজ কুমাৰ গোস্বামী, যমুনা শৰ্মা চৌধুৰী, ৰং বং তেৰাং, ৰফিকুল হুছেইন, শিবানন্দ কাকতি, স্যামন্ত ফুকন, হিৰণ্য কাশ্যপ, য়েছে দৰজে ঠংচি, ইমৰাণ হুছেইন, উদয়াদিত্য ভৰালী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, অপূৰ্ব কুমাৰ শইকীয়া, বসন্ত দাস, পৰমানন্দ ৰাজবংশী, কুল শইকীয়া, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, অতনু ভট্টাচাৰ্য, মৌচুমী কন্দলি, বিতোপন বৰবৰা, বন্তি শেনছোৱা, নৱনীতা গগৈ, পূৰৱী বৰমুদৈ, নীলিমা ঠাকুৰীয়া হক, অৰূপ কুমাৰ নাথ, মনিকা দেৱী, অনামিকা বৰা, প্ৰাৰ্থনা শইকীয়া, সুৰেশ চক্ৰৱৰ্তী, ৰূপম বৰুৱা, মাইনী মহন্ত, মিনাক্ষী বুঢ়াগোহাঁই, চন্দনা পাঠক, লীনা শৰ্মা, ৰবীন মজুমদাৰ, মনালিছা শইকীয়া, ভাস্কৰ ঠাকুৰীয়া, অপু ভৰদ্বাজ, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, ৰত্না ভৰালী তালুকদাৰ, ৰশ্মিৰেখা বৰা ৰাজশ্ৰী ধনদিয়া, কাব্যশ্ৰী মহন্ত আদি উল্লেখযোগ্য।
লেখক আৰু সাহিত্যৰ মাজৰ সম্পৰ্কটোৰ ওপৰত সাম্প্ৰতিক কালৰ লেখকৰ দৃষ্টিভংগী পূৰ্বতকৈ বেলেগ হৈ আহিছে। ‘Outside the whale’ নামৰ এটা লেখাত চলমান ৰুশ্বডিয়ে কৈছে যে আধুনিক লেখকে সাহিত্য সৃষ্টিৰ পৃথিৱী এখনত নিজকে আছুতীয়াকৈ সুৰক্ষিত কৰি ৰাখি বাস্তৱ পৃথিৱীখনক নিৰাপদ দূৰত্বৰ পৰা নিৰীক্ষণ কৰি সাহিত্য ৰচনা কৰাৰ দিন আৰু নাই। এতিয়া লেখক নিজৰ সীমাবদ্ধতা সম্পৰ্কে সচেতন আৰু সাহিত্য সৃষ্টিৰ গজদন্ত মিনাৰত অকলশৰীয়াকৈ নিবিষ্ট নাথাকি তেওঁলোকে পঢ়ুৱৈকো সৃষ্টিকৰ্মৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰে। কেৱল প্লট, চৰিত্ৰ, সামাজিক ৰাজনৈতিক সমালোচনাৰ সৰলৰৈখিক উপস্থাপন আদি উপাদান থাকিলেই গল্পই আজিৰ পঢ়ুৱৈক সন্তুষ্ট কৰিব নোৱাৰে।
অপূৰ্ব কুমাৰ শইকীয়াৰ “এটা আধুনিক বুঢ়ী আইৰ সাধু” নামৰ গল্পটোত আমি দেখিবলৈ পাওঁ কেনেকৈ আখ্যান-লোককথাৰ সত্যৰ সৈতে আধুনিক জীৱনশৈলীৰ উপৰিপাতন ঘটিছে যদিও প্ৰথমটোৰ সত্যক দ্বিতীয়টোৱে প্ৰশ্ন কৰা নাই। আধুনিক সাহিত্যত সাধুকথা- আখ্যান ইত্যাদিবোৰ হৈছে কিছুমান সাৰ্বিক আৰু চিৰন্তন সত্যৰ ৰূপক। অপূৰ্ব শইকীয়াৰ গল্পটোত ৰূপ সলনি কৰাৰ খেলাটোক এটা কথকতা হিচাপে গ্ৰহণ কৰি তাৰ ওপৰত লিংগ পৰিৱৰ্তনৰ আন এক কথকতা গল্পকাৰে নিৰ্মাণ কৰি পঢ়ুৱৈক নতুন শৈলীৰ গল্প পঠনৰ আমেজ দিবলৈ সক্ষম হৈছে।
মৌচুমী কন্দলীৰ গল্পত ভাবানুবাদৰ বেগী আৰু জটিল সংযুক্তি দেখিবলৈ পোৱা যায়। “শেতেলীৰ সুদীৰ্ঘ মালিতা” নামৰ এটা গল্পত তেওঁৰ এটা সৰল অথচ কোনেও ব্যৱহাৰ নকৰা এটা চিত্ৰকল্প প্ৰথা বিৰুদ্ধ ৰাজনৈতিক চিন্তাৰ দ্যোতক হিচাপে সজাই তুলিছে— এখন বিমূৰ্ত বিছনাৰ সীমাহীন সমতলত দেশ-জাতি-ভাষা-লিংগ নিৰ্বিশেষে সকলোৱে আশ্ৰয় লৈছে আৰু ‘ক’লা’ ঘাতক ম’হ ৰূপী সংকীৰ্ণ ভাৱবোৰক আঁতৰাই ৰাখিবলৈ এখন দেহাতীত বোধৰ’ শুধ বগা আঁঠুৱাই বিছনখখনক আৱৰি আছে।
একৈশ শতিকাৰ গল্পক কুৰি শতিকাৰ গল্পৰ পৰা যিবিলাক কাৰকৰ উপস্থিতিৰ পৰিপ্ৰেক্ষিতত পৃথক বুলি ক’ব পাৰি, তাৰ অন্যতম এটা কাৰণ হৈছে গল্পৰ কথকতাই নিজৰ নিৰ্মিতি সম্পৰ্কে আগবঢ়োৱা দ্বিধাহীন স্বীকাৰোক্তি। গল্পৰ লেখকে ক’ব খোজে যে তেওঁ মাত্ৰ এটা সাহিত্য পাঠ নিৰ্মাণ কৰিছে, সত্য অসত্যৰ প্ৰশ্ন ইয়াত অবান্তৰ।
ৰশ্মিৰেখা বৰাৰ ” কাহিনী এটাৰ গল্প অথবা কাহিনীকাৰৰ”, অপূৰ্ব কুমাৰ শইকীয়াৰ “জুমুঠি”, ধ্ৰুৱজ্যোতি শৰ্মাৰ “ঐন্দ্ৰজালিক” ইত্যাদি গল্পত গল্পসত্য নিৰ্মাণৰ আখৰা বিষয়বস্তুৰ ৰূপত উপস্থাপিত হৈছে। আনহাতে উত্তৰাধুনিক সাহিত্য সম্পৰ্কীয় কিছুমান তত্ব আৰু ভাষ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিও গল্প সৃষ্টি হৈছে।
অপূৰ্ব কুমাৰ শইকীয়াৰ “জুমুঠি” নামৰ গল্পটোৰ গল্পকাৰ চৰিত্ৰটোৱে ঠিক একেদৰে কাহিনী কথকৰ অৱস্থানৰ প্ৰশ্নটো লৈ আত্মবিশ্লেষণ কৰি দেখিছে যে গল্প লিখনৰ কামটো কিজানি তেওঁৰ বাবে এক সুৰক্ষা কবচহে। গল্পটোৱে অৱশ্যে কাহিনীকথনৰ দ্বিধাগ্ৰস্ততা আৰু সংশয়ৰ মনোভাৱ প্ৰকাশ কৰোঁতে আধুনিক অৱস্থানটোৰ পৰা ফালৰি কাটি অহা নাই। কাৰণ গল্প-সত্যক বাস্তৱ সত্যৰ সৈতে সংযুক্ত কৰাৰ প্ৰসংগটোহে ইয়াত মূল বিষয় হৈ পৰিছে।
অন্য এগৰাকী গল্পকাৰ বন্তি শেনছোৱাৰ গল্পৰ বিশিষ্টতাৰ আধাৰ হৈছে প্ৰকাশভঙ্গী অভিনৱত্ব। চহা ভাষা আৰু অভিজাত ভাষাৰ সুদক্ষ ব্যৱহাৰেৰে তেওঁৰ গল্পৰ ভিন ভিন পৰিবেশ ৰচনা কৰিব পাৰে।

একবিংশ শতিকাৰ প্ৰতিভাৱান গল্পকাৰ সকলৰ ভিতৰত অন্যতম অপূ ভৰদ্বাজ। “চিকাডা” নামৰ গল্পটোৰ সম্পূৰ্ণ অগতানুগতিক বিষয়বস্তু আৰু প্ৰকাশভঙ্গীৰ মাজত আমি ভৰদ্বাজৰ গল্পৰ প্ৰথাবিৰুদ্ধ জীৱনাদৰ্শৰ উমান পাব পাৰোঁ।

একবিংশ শতিকাৰ অসমীয়া চুটিগল্পত সামাজিক বাস্তৱতাৰ ছবিখন নোহোৱা হৈ গৈছে বুলি অৱশ্যে ক’ব নোৱাৰি। এচাম গল্পকাৰে গতানুগতিক ধাৰাতে সমাজ জীৱনৰ গল্প পাঠ ৰচনা কৰি আছে, অন্য এচামে উপাখ্যান-আখ্যান-লোকগাথাৰ অখ্যাত চৰিত্ৰবোৰকে পুনৰ্নিমাণৰ নামত গল্পৰ মূল চৰিত্ৰৰ আসনত বহুৱাই বিদ্ৰোহৰ ভাব-ভাষা চৰিত্ৰবোৰত আৰোপ কৰিছে। এইক্ষেত্ৰত ৰশ্মিৰেখা বৰাৰ “মইনামতীৰ সঁচা( সাধু) কথা” এক ব্যতিক্ৰম। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ত থকা সকলোৰে চিনাকি ‘চম্পাৱতীৰ সাধু”ত নেপথ্যত ৰৈ যোৱা মাহী আইৰ আদৰুৱা জীয়ৰী হৈছে এই গল্পৰ ‘মইনামতী’। লোকগাথাৰ প্ৰান্তত অনামী হৈ পৰি থকা মইনামতীয়ে সাপৰ পেটত সোমাই বাকৰুদ্ধ হৈ পৰা নাই, তাই তাৰে পৰা সৰ্বহাৰাৰ শোষক সাপটোৰ পেট ফালি ওলাই আহি মূক জনতাৰ হকে যুঁজ দিয়াৰ শপত লৈছে। ঠিক যিদৰে মহাশ্বেতা দেৱীৰ ‘দ্ৰৌপদী’
নামৰ গল্পটোত মহাভাৰতৰ দ্ৰৌপদী চৰিত্ৰটো দ্ৰৌপদী হৈ নাথাকিল, কিন্তু আমূল ৰূপান্তৰ ঘটা চৰিত্ৰটো যেন বহুত শক্তিশালী হৈহে উঠিল– ঠিক তেনেদৰে। মনালিছা শইকীয়াৰ” পুনৰ জনম লয় তেজীমলাই”, মণিকা দেৱীৰ “চিলনীৰ জীয়েকৰ সাধু” তেনে ধৰণৰ গল্প।
একবিংশ শতিকাৰ অসমীয়া চুটিগল্পৰ পথাৰত আন এগৰাকী সবল গল্পকাৰ হৈছে অনামিকা বৰা। অনামিকা বৰাৰ গল্পই পঢ়ুৱৈক হঁহুৱাই হঁহুৱাই অৱশেষত কঠিন বাস্তৱৰ সৈতে মুখামুখি হ’বলৈ বাধ্য কৰোৱায়।
যাদুকৰী কথনশৈলীৰে পঢ়ুৱৈক মোহিত কৰি আহিছে একবিংশ শতিকাৰ আন এজন গল্পকাৰ ভাস্কৰ ঠাকুৰীয়াই। ঠাকুৰীয়াই তেখেতৰ “পৰশুৰাম” নামৰ গল্পত পৰশুৰামৰ মাতৃহত্যাৰ গ্লানিৰ ফলত হাতত কুঠাৰ লাগি ধৰা উপাখ্যানটোক এটা আধুনিক ৰূপক হিচাপে নিৰ্মাণ কৰিছে।
সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাৰ গল্প কথনৰ ভংগীত নতুনত্ব আছে। তেখেতৰ “বেদৰ্দী মালিতা” নামৰ গল্পত গল্পকাৰে গতানুগতিক কথনৰীতি এৰাই চলিছে আৰু গল্পটোৰ বিভিন্ন অনুচ্ছেদৰ সংযোজন, বিয়োজন আৰু নামাকৰণৰ মাধ্যমেদি তেওঁ এটা স্পষ্ট ব্যক্তব্যও দাঙি ধৰিছে। ‘ক’ আৰু ‘খ’ ভাগে নিম্ন শ্ৰেণী আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধি দুটা চৰিত্ৰৰ তেনেই গতানুগতিক প্ৰাত্যহিক জীৱন বৰ্ণনা কৰাৰ বিপৰীতে ‘গ’ ভাগে সন্ত্ৰাসবাদী কামত জড়িত এজন ডেকা ল’ৰাৰ অগতানুগতিক জীৱনৰ কিছু ডুখৰীয়া ছবি দাঙি ধৰিছে।
ৰত্না ভৰালী তালুকদাৰৰ কথনশৈলীৰ এটা নিজস্ব ভংগীমা আছে আৰু বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰতো তেওঁ সচৰাচৰ চকুত নপৰা প্ৰান্তীয় কথাবোৰৰ প্ৰতি পঢ়ুৱৈৰ মনোযোগ আকৰ্ষণ কৰিব খোজে।
লিংগ বৈষমক কেন্দ্ৰ কৰি যোৱা শতিকাত যিমানবোৰ গল্প ৰচনা হৈছে একবিংশ শতিকাত তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে বহুতো গল্প লেখিকাই নাৰীৰ প্ৰতি পুৰুষপ্ৰধান সমাজত বৈষম্যমূলক আচৰণক ‘নাৰী বনাম পুৰুষ’ জাতীয় বিদ্বেষমূলক গাঁথনি হিচাপে নাচাই পৰিচয়ৰ তৰলতা আৰু অ-মৌলিকতাৰ ওপৰতো দৃষ্টিপাত কৰিছে। মৌচুমী কন্দলীৰ “তৃতীয়ত্বৰ গল্প” এই দিশত এটা বলিষ্ঠ সৃষ্টি।
একবিংশ শতিকাৰ প্ৰথমতকৈও দ্বিতীয় দশকত চুটিগল্পৰ ধাৰা এনেদৰে সলনি হৈছে যে গল্পই নাটক, কবিতা, মননশীল গদ্য, বৌদ্ধিক আলোচনা আদি ভাষানিৰ্ভৰ অন্যান্য সাহিত্যৰূপ অনায়াসে ব্যৱহাৰ কৰাৰ উপৰি চিত্ৰকলা, চিনেমাৰ শ্বট্ ইত্যাদি অন্যান্য প্ৰকাশভংগীকো পৰীক্ষামূলক ভাৱে ব্যৱহাৰ কৰি গল্পক নিৰ্মাণশৈলীৰ এক অভূতপূৰ্ব অগতানুগতিক মাত্ৰা প্ৰদান কৰিছে।

লক্ষীপ্ৰিয়া বৰা
গোলাঘাট