একক – অভিজিত সোণোৱাল

একক

 অভিজিত সোণোৱাল,ডিব্ৰুগড়
শূণ্যৰ পৰা আৰম্ভ হয় একৰ গণনাংক।
জীৱনৰ শেষ বেলাটো সৃষ্টি হয় একৰ সংখ্যা।
কোনোবাই জ্যামিতিৰ তুলাচনীৰে জুখে জীৱনৰ সমীকৰণ।
কোনোবাই মৰমৰ ভিক্ষাত মগন হৈ লিখে প্ৰাচীৰ পত্ৰিকা।
নহয় তেওঁ লেখক কিম্বা কবি।
তেওঁ নাজানে কবিৰ আবেগ কিম্বা কবিতাৰ বৈশিষ্ট্য।
লিখে তেওঁ কেৱল শূল কঢ়া বুকুৰ পাৰাপাৰহিন কথকথা।
প্ৰাচীৰ ঘাতত তেওঁ এজন নিথৰুৱা কবি।
বিৰহৰ নৈ কাষত বহি তেওঁ গণি থাকে সময়ৰ স্বাভাৱিক সংখ্যা।
বেলি ডুবালৈ বাট চাই তেওঁ হেঙুল আকাশ হেৰুৱাই সন্ধিয়াৰ চকামকা তৰাবোৰলৈ।
ঠিকনা হেৰুৱা জোনটোলৈও যে তেওঁৰ কিমান চিন্তা!
তেওঁৰ অপেক্ষা কেৱল অকলশৰীয়া বাটত পোহৰ বিলোৱা জোনটো।
আঙুলিৰ মূৰত হিচাপ গণা তৰাবোৰৰ পৰিধি কিমান তেওঁ নুবুজে!
তেওঁ মাথোঁ হ’ব খুজে আকাশ।