এইবাৰ পানীৰ বিল বিচাৰি ভগৱান হনুমানলৈ জাননী

Pc The Janambhumi

এইবাৰ পানীৰ বিল বিচাৰি ভগৱান হনুমানলৈ জাননী

ৰঙিলী বাৰ্ত্তাসেৱা-  ছত্তীশগড়ৰ ৰায়গড়ত সংঘটিত হৈছে এক আচৰিত ঘটনা।এইবাৰ পানীৰ বিল বিচাৰি ৰাম ভক্ত ভগৱান হনুমানলৈ পঠিওৱা হৈছে জাননী।জাননীখনত ৰায়গড় পৌৰ নিগমে ভগৱান হনুমানক ৪০০ টকা পানী কৰ পৰিশোধ কৰিবলৈ কৈছে।হনুমানলৈ পঠিওৱা এই জাননীখন এতিয়া সামাজিক মাধ্যমত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে।যদি ভগৱান হনুমান পানীৰ বিল দিবলৈ কাৰ্যালয়লৈ নাহে তেন্তে চাৰ্জ আৰোপ কৰিবলৈও সতৰ্কবাণী দিয়া হৈছে।দৰাচলতে, ৰায়গড় পৌৰ নিগমে ১৮ নম্বৰ দাৰোগাপাৰা ৱাৰ্ডত অৱস্থিত সৰু হনুমান মন্দিৰটোক ৪০০ টকাৰ পানী কৰৰ জাননী দিছে।জাননীখনত কোৱা হৈছে যে যদি ১৫ দিনৰ ভিতৰত পৰিশোধ কৰা নহয় তেন্তে ব্যৱস্থা লোৱা হ’ব।বিশেষ কথাটো হ’ল যে জাননী দিয়া মন্দিৰটোত এটাও পানীৰ টেপ নাই।আচৰিত যে নিগম প্ৰশাসনে জাননী প্ৰেৰণ কৰিবলৈ ইমান খৰখেদা কৰিছিল যে তেওঁলোকে মন্দিৰ প্ৰশাসনৰ এজন ব্যক্তিৰ নামত জাননী জাৰি কৰিব লাগিছিল।কিন্তু নিগমৰ কৰ্মচাৰীসকলে ভগৱান হনুমানক উপভোক্তা হিচাপে বিবেচনা কৰি জাননী জাৰি কৰিছিল।উল্লেখযোগ্য যে,জাননী জাৰি হোৱাৰ বাতৰিৰ পিছত বিজেপি নেতাসকলে ইয়াৰ প্ৰতিবাদত ওলাই আহিছে।স্থানীয় লোকে কৈছিল যে নিগমৰ চৰকাৰী কৰ্মচাৰীসকলে হনুমান মন্দিৰক জাননী দিয়াটো বোধগম্য নহয়।নিগমৰ বিষয়াসকলে ঈশ্বৰৰ নামত জাননী দি এটা ডাঙৰ ভুল কৰিছে।একে সময়তে, ভুলটো পোহৰলৈ অহাৰ পিছত নিগম প্ৰশাসনে জাননীখন সংশোধন কৰিবলৈ কৈছে।