উৎসাহত ভাহি যাব নালাগেঃ আপক কটাক্ষ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

PC-Deccan Herald

উৎসাহত ভাহি যাব নালাগেঃ আপক কটাক্ষ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-   সোণাৰাম খেলপথাৰৰ পৰা আম আদমী পাৰ্টীয়ে  গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে এক বিশাল ৰোড শ্ব উলিয়াইছিল।এই ৰোড শ্ব’ত দলটোৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা দিল্লী বিধানসভাৰ সদস্য আতিশী মার্লেনাই অংশ লৈছিল। এই ৰেলীৰ মাজতে ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে অসমীয়াৰ স্বাভিমান জাপিৰ ওপৰত দলটোৰ প্ৰতীক চিহ্ন ঝাডু ৰাখি থোৱাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে । এই বিষয়টো সন্দৰ্ভত  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আপক কটাক্ষ কৰি কয়— – উৎসাহত ভাহি যাব নালাগে। দিল্লীৰ পৰা অহা নেতাক স্থানীয় সদস্যসকলে বুজাই ক’ব লাগে যে জাপিৰ ওপৰত ঝাড়ু থ’ব নালাগে। দিল্লীৰ পৰা অহা নেতাসকলে কথাবোৰ বুজি নাপায়। স্থানীয় সদস্যসকলে এই বিষয়বোৰ বুজাই ক’ব লাগে। সামাজিক মাধ্যমত যিসকলে জাপিৰ ওপৰত ঝাড়ু থোৱা ফটোখন দেখিছে, তেওঁলোকে মনত দুখ পাইছে। মন্ত্রী পীযূষ হাজৰিকায়ো  আম আদমী পার্টীয়ে অসমীয়া জাতীয় স্বাভিমানক আঘাত কৰা বুলি প্ৰতিক্রিয়া প্রকাশ কৰে।