উস! আৰু কিমান দিন
সকলোফালেই যেন শংকা
দিনে নিশাই জ্বলিছে চিতা
কেৱল অন্তৰ্দণ্ড কৰিছোঁ
শেষ হৈ যোৱাৰ ভয়ে কঁপাইছে সকলোকে
ক্ষিপ্ৰতাৰে গতি কৰিছে সময়
আৰু আমি যেন স্তব্ধ হৈ পৰিছোঁ
ধৈৰ্য-সজ্য এতিয়া সীমাহীন
অনিশ্চিয়তাত কটাইছোঁ দিন
ৰঙীন সপোন আৰু আশাবোৰ মৰহি যাব নেকি?
কʼলা-বগা ডাৱৰৰ মাজত ৰামধেনু ওলাবনে?
নে অমানিশা হʼব?
মৃত্যু এতিয়া সহজ !
✍️ ইমন গোস্বামী