উভতনি যাত্ৰা – আয়নাল হক

PC - Unsplash
উভতনি যাত্ৰা
আয়নাল হক, ধুবুৰী
ভাবিছিলোঁ…
সঠিক বাটেৰে আগবাঢ়িছোঁ
কিন্তু মিছা !
এই বাটত লগ পোৱাসকল
ভবাৰ দৰে নহয়।
সহায়, সহানুভূতি বুজি নোপোৱা
মানুহবোৰ আত্ম-কেন্দ্ৰিক মাত্ৰ,
ইহঁতে কান্দিব নাজানে আনৰ দুখত
কিন্তু হাঁহিব পাৰে আনৰ বিফলতাত।
কোনোবা পিছলি পৰিলে উভতি নোচোৱা
এই মানুহবোৰে কেৱল
নিজে যাব বিচাৰে আগলৈ…!
নিজৰ স্থান পোৱাৰ পিছত
আনক সেই স্থান দিব নিবিচৰা
মানুহবোৰে প্ৰাপ্তিৰ পিছত
দিনে ৰাতিয়ে দৌৰে।
ইহঁতৰ আচৰিত হেঁপাহ!
ইমান ভোক ইহঁতৰ !
খাই খাই পেট ভৰিলেও
খোৱাৰ স্পৃহা নকমে।
পাহাৰবোৰ আঁতৰৰ পৰাহে ধুনীয়া
ওচৰত একেবাৰে খলা-বমা
ইহঁতো নহয় ব্যতিক্ৰম !
তেনে ভুল পথেৰে কৰিলোঁ যাত্ৰা!
মানুহ বিচাৰি লগ পোৱা
অমানুহবোৰৰ পৰা
আৰম্ভ কৰিছোঁ উভতনি যাত্ৰা..!
এতিয়া বিচাৰিম সঠিক পথৰ ঠিকনা।