উপ-নিৰ্বাচনতো চলিল হিমন্ত বিশ্ব শৰ্মাৰ মেজিক

উপ-নিৰ্বাচনতো চলিল হিমন্ত বিশ্ব শৰ্মাৰ মেজিক

ৰঙিলী বাৰ্ত্তাসেৱা-  ৫টা সমষ্টিতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়।পাঁচখন আসনতে বিৰোধীক ধৰাশায়ী কৰি শাসকীয় দলৰ জয়লাভ।৩০ অক্টোবৰত অনুষ্ঠিত হোৱা ভোটদানত প্ৰায় ৭৪.০৪ শতাংশ ভোটদান হৈছিল আৰু পাঁচখন বিধানসভা আসনত প্ৰায় ৭.৯৭ লাখ ভোটাৰে মুঠ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে।ভৱানীপুৰ, থাওৰা, মৰিয়নীত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে তামুলপুৰ, গোসাইগাঁৱত জয়লাভ UPPLৰ ২ প্ৰাৰ্থীৰ। বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী সমষ্টিৰ পৰা ৪০,১০৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷আনহাতে,বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু ফণীধৰ তালুকদাৰে থাওৰা আৰু ভবানীপুৰ বিধানসভা আসনত ক্ৰমান্বয়ে ৩০,৫৬১ আৰু ২৫,৬৪১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে।তামুলপুৰ আৰু গোসাইগাঁওত ক্ৰমান্বয়ে বিজেপিৰ মিত্ৰশক্তি ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী আৰু জিৰণ বসুমতাৰীয়ে ৫০,০০০ আৰু ২৮,২৫২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে।