‘ উপায়ুক্তৰ মাজুলী – যোৰহাট সংযোগী দলং পৰিদৰ্শন”

‘ উপায়ুক্তৰ মাজুলী – যোৰহাট সংযোগী দলং পৰিদৰ্শন”

ৰঙিলী বাৰ্ত্তাসেৱা-  নিৰ্মীয়মান মাজুলী আৰু যোৰহাট সংযোগী দলংৰ কামৰ অগ্ৰগতিৰ উদ্দেশ্যে  উপায়ুক্ত শ্রী পুলক মহন্তই দক্ষিণপাটৰ নিৰ্মীয়মান স্থলী পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত উপায়ুক্ত গৰাকীয়ে দলংৰ আধাৰশিলা স্থলীত উপস্থিত হয় আৰু সকলো দলংৰ কাম ভালদৰে লক্ষ্য কৰে। দলং নির্মাণকাৰী সংস্থাটোৰ জেষ্ঠ প্রকল্প পৰিচালকে আধাৰশিলা স্থলীৰ কামৰ অগ্ৰগতিৰ সকলো দিশ উপায়ুক্তক অৱগত কৰে। উল্লেখযোগ্য যে দলংখনৰ মাজুলী পাৰৰ প্ৰথম টো দলংৰ খুটা যোৱা ইং- ২৯ নৱেম্বৰ, ২০২১ তাৰিখে মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল। বৰ্ত্তমান দলংৰ কাম পূৰ্ণগতিত চলি আছে। উক্ত দলং ৰ বাবদ যিসকল লোকৰ মাটি সম্পত্তি আদি ব্যৱহাৰ হৈছে সেই সকলৰ সকলো ক্ষতিপুৰণ ইতিমধ্যে আদায় দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।