উপায়ন্ত – দিপ্তী মনি গোস্বামী

উপায়ন্ত

দিপ্তী মনি গোস্বামী, লখিমপুৰ

বতাহত উৰিছে উঁই পোকে কুটিব ধৰিছে
পিতামহে সীৰলু দি থৈ যোৱা
বকুল বনৰ সুগন্ধি পখিলাই মৌ চুহা
বনফুলৰ সেউজীয়া পথাৰখন।
উঁই পোকৰ  লগতে উজান দিছে
অপৈণত অহংকাৰী মালিবোৰে
ঘাই শিপাবোৰ কটাৰ লগতে
প্ৰতিপালন কৰিছে ৰঘুমলাবোৰ।
ৰাসায়নিক ৰং মিলাই ফুল ফুলাই
জকমকীয়া কৰিছে ৰঙা নীলা ৰংবোৰ
অভিজ্ঞ মালিবোৰে কাণ থিলা মাৰে
শুনিব নোৱাৰি বে-সুৰীয়া সুৰবোৰ!
সহ্য কৰিবলৈ টান পাইছে
উদযাপনৰ অনৈতিক ৰং ৰহইচ বোৰ
বৃদ্ধ বয়সৰ নিশকতীয়া অভিভাৱকৰ দৰে
উপায়ন্তৰ হৈ অবাবতে অথলে ঠেলিছে সময়বোৰ ।