উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে হৰিদ্বাৰত পৰ্যটকৰ বাবে ৪৩ কোটি টকাৰ অতিথিশালা উদ্বোধন
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উত্তৰাখণ্ডৰ হৰিদ্বাৰত পৰ্যটকসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে এটা অতিথিশালা উদ্বোধন কৰে। ৪৩.২৭ কোটি টকা মূল্যৰ অতিথিশালাটোত ১০০ টা কোঠা আছে আৰু উত্তৰ প্ৰদেশ চৰকাৰে ইয়াক নিৰ্মাণ কৰিছিল। “উত্তৰাখণ্ডত আধ্যাত্মিক পৰ্যটনৰ লগতে পৰিৱেশ-পৰ্যটনৰ পৰ্যাপ্ত সুযোগ আছে,” যোগী আদিত্যনাথে কয়।