উত্তৰ প্ৰদেশত ৮০,০০০ কোটি টকাৰ বিনিয়োগ চুক্তি স্বাক্ষৰিত: প্ৰধানমন্ত্ৰী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলনত ভাষণ প্ৰদান কৰি কয় যে ৰাজ্যখনৰ বিভিন্ন খণ্ডত ৮০,০০০ কোটি টকাৰ বিনিয়োগ চুক্তি স্বাক্ষৰিত হৈছে, যি হাজাৰ হাজাৰ নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব। “মই উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলক অভিনন্দন জনাইছো যিহেতু তেওঁলোকে ইয়াৰ পৰা সৰ্বাধিক লাভান্বিত হ’ব,” তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয়, “অহা ২৫ বছৰৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰাৰ এই সময়।