উত্তৰ-পূৰ্বাঞ্চল সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৃদয়ত আছে: বিজেপি অসম প্ৰদেশ

Pc Navbharat Times

উত্তৰ-পূৰ্বাঞ্চল সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৃদয়ত আছে: বিজেপি অসম প্ৰদেশ

ৰঙিলী বাৰ্ত্তাসেৱা– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হৈছেহি। এই ভ্ৰমণকালত তেওঁ মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ লগতে আজি সন্ধিয়া অসমৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।দলৰ মুখপাত্ৰ কল্যাণ গগৈয়ে ৰাজ্যিক বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ স্বাগতম জনাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয়, নৰেন্দ্ৰ মোদীৰ শাসনকালত উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ দিশত তীব্ৰ গতিত আগুৱাইছে। ইয়াৰ পূৰ্বে, কেইবা দশক জুৰি চলি থকা কংগ্ৰেছ শাসনকালত উত্তৰ-পূৰ্বাঞ্চলক সদায় অৱহেলিত মনোভাৱৰে ব্যৱহাৰ কৰা হৈছিল। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ নেতৃত্বত এই দৃশ্যপট সলনি হৈছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলক ‘অষ্ট লক্ষ্মী’ হিচাপে গণ্য কৰি অঞ্চলটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে আৰু সেয়ে উত্তৰ-পূৰ্বে যোৱা আঠ বছৰত সকলো ক্ষেত্ৰতে যি উন্নয়ন দেখিছে সেয়া অভূতপূৰ্ব। বিজেপি চৰকাৰৰ শাসনকালত উত্তৰ- পূৰ্বাঞ্চলত উন্নয়নৰ লগতে দীৰ্ঘম্যাদী শান্তি আৰু স্থিৰতা আহিছে আৰু বহুতো উগ্ৰপন্থী সংগঠনে ইতিমধ্যে অস্ত্ৰ সম্বৰণ কৰি মূলসুতিলৈ ঘূৰি আহিছে। ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ শাসনকালত অঞ্চলটোত বিশৃংখলতাৰ পৰিবেশে বিৰাজ কৰিছিল, উগ্ৰপন্থীৰ কাৰ্যকলাপত উন্নয়ন স্থবিৰ হৈ পৰিছিল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি থকা অপৰিসীম আন্তৰিকতাৰ বাবে জনসাধাৰণৰ মানসিকতাৰ ইতিবাচক পৰিৱৰ্তন ঘটিছে আৰু সেয়াই হৈছে বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ সাফল্য। উল্লেখযোগ্য যে নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে ৫৩ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে কেতিয়াও কোনো প্ৰধানমন্ত্ৰীয়ে এনেকৈ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰা নাছিল। প্ৰকৃতাৰ্থত ইয়ে প্ৰমাণ কৰে, উত্তৰ-পূৰ্বাঞ্চল সদায়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৃদয়ত আছে।