উত্তৰ গুৱাহাটী মহিলা মন্দলৰ মহিলা মৰ্চাৰ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ গুৱাহাটী মহিলা মণ্ডলৰ মহিলা মৰ্চাৰ ১ এপ্ৰিলত এখন সভা অনুষ্ঠিত হয় ।সভাত সভাপতিৰ আসন অলংকৃত কৰে উত্তৰ গুৱাহাটী মণ্ডল ৰ মহিলা মৰ্চাৰ সভানেত্ৰী সীমা দাসে৷সভাৰ আৰম্ভণিতে ভাৰত মাতাৰ পূজন আৰু মাতৃ বন্দনা কৰা হয় ।মহিলা মৰ্চাৰ দলীয় কৰ্মীৰ লগত “চিনাকি পৰ্ব ” অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰণতি বৰুৱাই ।সভাত গুৱাহাটী মহানগৰ জিলাৰ মহিলা মৰ্চাৰ প্ৰভাৰীৰ দায়িত্বত থকা মঞ্জুলা দেৱীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ সাংগঠনিক দিশ আৰু অধিক মজবুত কৰিবলৈ মহিলা মৰ্চাৰ সমূহ বিষয়ববীয়াক আহ্বান জনায়। সভাত উপস্থিত থাকে উত্তৰ গুৱাহাটী মণ্ডলৰ সভাপতি গঙ্গাধৰ দাস , উত্তৰ গুৱাহাটী মণ্ডলৰ উপ সভাপতি প্ৰদীপ হাজৰিকা ,উত্তৰ গুৱাহাটী মহিলা মৰ্চাৰ প্ৰভাৰী দিলীপ বড়া, সঞ্জীৱ শৰ্মা ,ৰাজু শৰ্মা গজেন বৰাই সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰে৷