উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বুলেট নিদিয়ে চৰকাৰে

উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বুলেট নিদিয়ে চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বুলেট নিদিয়ে চৰকাৰে। ইয়াৰ পৰিৱৰ্তে স্কুটি দিয়াৰ সিদ্ধান্ত।বুলেটৰ পৰিৱৰ্তে মামাই ভাগিনসকলক দিব স্কুটি।এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা ছাত্ৰক দিয়া হ’ব স্কুটি৷ বজালীৰ মেধিকুছিত একাঠু পানীত নামি বান পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ সময়তে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,”বুলেট নহয়,এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰক দিব স্কুটি।বুলেটৰ দাম বেছি।লগতে বুলেটৰ বাবে দুৰ্ঘটনা বেছিকৈ হয়। “উল্লেখযোগ্য যে, সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পাছতেই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছিল যে,”উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা সকলোৱে স্কুটি নাপাব। তাত কাট অৱ মাৰ্ক থাকিব।নিৰ্ধাৰিত কাট অব্ মাৰ্ক লাভ কৰা সকলকহে দিয়া হ’ব স্কুটি।”