উগাণ্ডাৰ এখন বিদ্যালয়ত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈ জীৱন্তে জ্বলিল ১১জনকৈ শিশু 

Pc free press journal

উগাণ্ডাৰ এখন বিদ্যালয়ত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈ জীৱন্তে জ্বলিল ১১জনকৈ শিশু 

ৰঙিলী বাৰ্ত্তাসেৱা-  আফ্ৰিকান ৰাষ্ট্ৰ উগাণ্ডাৰ ৰাজধানী কাম্পালাৰ ওচৰৰ এখন বিদ্যালয়ত নিশাৰ ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়াৱহ অগ্নিকাণ্ডত ১১জনকৈ শিশু জীৱন্তে জ্বলিল। আৰক্ষীয়ে অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা নাই। এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি মাজনিশা দাওদাওকৈ জ্বলি উঠিছিল দৃষ্টিহীন শিশুসকলৰ বিদ্যালয়খন । বিদ্যালয়খনৰ বহু শিশুক জীৱন্তে উদ্ধাৰ কৰা হৈছে যদিও কেইবাজনো  শিশু আহত হৈছে।শিক্ষা প্রতিষ্ঠানত পুনৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে পূব আফ্রিকান দেশখনৰ চৰকাৰ। ২০২০ চনতো এই অঞ্চলটোত এখন বিদ্যালয়ত সংঘটিত হৈছিল অগ্নিকাণ্ড। ২০০৮ চনত ৰাজধানী কাম্পালাৰ এখন বিদ্যালয়ৰ ছাত্ৰাৱাসূত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত প্ৰাণ হেৰুৱাইছিল ১৯ শিক্ষাৰ্থীয়ে।পূৰ্বৰ এই ঘটনাৰ স্মৃতি পুনৰ সজীৱ হৈ পৰিছে উগাণ্ডাত।