ঈশ্বৰলৈ লিখা চিঠি – জ্যোতিস্মিতা গোস্বামী শৰ্মা

PC - ABC News

ঈশ্বৰলৈ লিখা চিঠি:

জিছাই বহুদিন মুকুহতৰ লগত যোগাযোগ কৰিব পৰা নাই। ফোনৰ ৰিং বাজি শেষ হয় কিন্তু কোনো সহাঁৰি নাপায়। সিদিনা সকলোৰে খবৰ এটা ল’বলৈ বুলি তাই খৰধৰ কৈ ভাত সাজ খালে । এনেতে আকাশ খন কলীয়া ডাৱৰে ছাতি ধৰা দেখিলে। কিছু সময়ৰ পাছতে বৰষুণৰ ডাঙৰ টোপালবোৰ পৰিবলৈ ধৰিলে । সেইদিনা আৰু তাইৰ খবৰ ল’বলৈ যোৱা নহ’ল । মুকুৰ জন্ম দিনৰ দিনাই তাই খবৰ এটা ল’ব। আগৰ কেইবাৰ গোটেই দিন ফোন কৰিলে যদিও শুভেচ্ছা জনাবলৈ নাপালে । সেয়ে এইবাৰ তাই নিজে গৈ মুকুক জন্ম দিনৰ শুভেচ্ছা জনাব। নিৰ্দিষ্ট দিনত তাই পূৱা ভগৱানৰ ওচৰত বন্তি জ্বলাই মূকুৰ উন্নতিৰ বাবে প্ৰাৰ্থনা জনালে। তাৰ পাছত মন্দিৰত কিছু নৈবেদ্য আগবঢ়ায় আৰু মনত সাহস বান্ধি মুকুৰ ওচৰ পায়গৈ । মুকুৰ জন্মদিন সুন্দৰকৈ আয়োজন কৰিছে। ঘৰৰ সদস্য সকলক লগ পাই জিছাৰ মনটো ভাল লাগি গ’ল। কিন্তু হঠাৎ ঘটা ঘটনাটোৱে তাইৰ মনত গভীৰ ভাৱে ৰেখাপাত কৰিলে। তেওঁলোকে হয়টো তাই মুকুৰ জন্ম দিনলৈ যোৱাটো বিচৰা নাছিল। তাই দিয়া সামান্য উপহাৰটোও ঘুৰাই দিলে। কোনোবাই তাইক কৈছিল, “সম্বন্ধটো ভাল হোৱাৰ পাছত সকলোলৈকে তুমি উপহাৰ নিবা। “তাইৰ মনটোয়ে নমনা বাবে কিবা এটা লৈ গৈছিল। আবেগত তাই একো ক’ব নোৱাৰি দুচকুৰে বৈ অহা চকুলো ঢকাৰ লগতে ঈশ্বৰৰ নাম লৈ ঘৰলৈ বুলি বাট ল’লে।  আজি তাইৰ নলিনীবালা দেৱীৰ “নাটঘৰ” কবিতাটিলৈ বৰকে মনত পৰিছে । ঘৰ পায় কথা বোৰ নিৰলে ভাবি ঈশ্বৰক উদ্দেশ্যি ক’লে “হে ঈশ্বৰ মই কি কৰিলোঁ যাৰ বাবে এনে দশা হ’ল! মই থাকি
বলেও গৈছিলো।তেওঁলোকেও অহাৰ প্ৰতিশ্ৰুতি দিছিল ।কেতিয়া অৱসান ঘটিব মানুহৰ ভুল বুজা বুজিবোৰ ।”

নিজৰ বুকুত শিল থৈ তাই সকলোকে সুখী কৰিছে। সম্বন্ধ বোৰৰ মাজতো যতি পৰিবলৈ দিয়া নাই । তথাপি তাই অকলশৰীয়া হ’ব লগা হৈছে । জিছাই বুজি পোৱা নাই ঘটনাবোৰ অভিমানৰ বাবে ঘটিছে নে? সহোদৰে তাইক নিজৰ ভৰিত থিয় দিব পৰা সুবিধা কণ কৰি দিছে । অন্তৰৰ কোনোবা এটা চুকত এটি সপোন তাই সাঁচি ৰাখিছে । মানুহে কয় ঈশ্বৰে সকলো দেখা পায়। তাইৰ মনত মাথো এটাই আশা। সেয়ে হ’ল ঈশ্বৰৰ সহায়। মানুহক বিপদৰ পৰা ৰক্ষা কৰিবলৈ এটা শক্তি সদায় আছে । সেই বিশ্বাসতে জিছায়ে ঈশ্বৰলৈ বুলি এখন চিঠি লিখিলে-
“হে ঈশ্বৰ তুমি যদি কৃপা নকৰা তেনেহ’লে মই মোৰ পৰিয়ালৰ সদস্য সকলক লগ নাপাম । ল’ৰাটোৱেও সকলোকে বিচাৰে। তাৰপ্ৰতি অন্যায় হ’বলৈ নিদিবা প্ৰভু। পৰিস্থিতিয়ে ল’ৰাটোক বিমোৰত পেলাইছে।তাক সুমতি দিয়া প্ৰভু। শেষত আৰু এটা অনুৰোধ সকলোৰে মনত যেন সদ্ভাৱ জগাই তোলা ।”

সেৱাৰে
তোমাৰ বিশ্বাসী
জিছা

তাই খামৰ ভিতৰত চিঠি খন ভৰালে আৰু “ঈশ্বৰৰ প্ৰতি” বুলি তাৰ ওপৰত ঠিকনা লিখি দুখ মনে ডাকঘৰৰ ফালে খোজ দিলে। ডাকঘৰত চিঠিৰ ওপৰত টিকট এটা লগাই বাকচত ভৰাই দিয়ে।উত্তৰৰ অপেক্ষাত তাই নিজক সাহিত্য-সংস্কৃতিৰ লগত জড়িত কৰি ৰাখিলে। আহক চোন আমিও জিছা হঁতৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাও।

“ঈশ্বৰ আল্লা তেৰো নাম
সব কো সম্মতি দে ভগৱান
সব কোঁ সম্মতি দে ভগৱান
সাৰা জাগ তেৰি সন্তান। “

জ্যোতিস্মিতা গোস্বামী শৰ্মা