ইৰা বৰমালৈ বুলি- স্বাগতা বৰুৱা গোস্বামী

ইৰা বৰমালৈ বুলি

“মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য ” (হীৰেন ভট্টাচাৰ্য)

এটি গল্প শেষ হ’ল…
শেষ হ’ল এটি কবিতা…
ৰৈ গ’ল মাথো আপোনাৰ ‘গল্পশিখা’

অ’ বৰমা আপুনিটো কেতিয়াওঁ নাছিল অশীতিপৰ,চাওঁ বয়সে দেখোন আপোনাক আঁক এডালো নামাৰিলে।মৃত্যুৰ দৰে অপ্ৰিয় সত্যটোৰ ওচৰত কিয় ইমান সহজে হাৰ মানি দিলে।সামান্য এটা অজুহাততেই গুছি গ’ল।সিদিনা আমাৰ নগাঁৱৰ ঘৰলৈ আহিছিলহে..এবাৰ যদি গ’ম দিলেহেঁতেন,এইয়াই আপোনাৰ শেষ খোজ বুলি।কিমান যে কথা থাকি গ’ল ক’বলৈ।কেতিয়াও উভটি নহাৰ বাটেৰে গুছি গ’ল ইমান সোনকালে।কথা পাতি ভাল পাই কথা পাতি পাতিয়েই গুছি গ’ল।টুকটুকিক নগাৱলৈ অহা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে।আমাৰ দুইটাৰ লেখনি দেখি কোনে উৎসাহ দিব এতিয়া??যোৰহাট গ’লে মোৰ মূৰতো পিটিকি দিয়া,কাচকল,ভেদাইলতাৰ বৰ খুওৱা মানুহগৰাকীও দেখোন এতিয়া নাইকিয়া হ’ল।কালিৰে পৰা আপোনাৰ স্মৃতিয়ে বৰকৈ আমনি কৰিছে।লুডু,চাইনিছ চেকাৰ,কড়ি ক’ত যে খেল খেলিছিলো আমি।লাইট গ’লে গেজু কৰিব পাৰে বুলিযে আপোনাৰ হাতখন ধৰি থাকো।ইচ এই সোণোৱালী দিনবোৰেও উভটি নহাৰ প্ৰতিশ্ৰুতি দিলে।মনবোৰো বাৰুকৈ সেমেকি আহিছে।লোটকবোৰও সঘনে বৈছে।বাট নেদেখা হৈছো।আপুনি মোৰ,মিতু আৰু টুকটুকিৰ মানস পটত সদায় জিলিকি থাকিব। আপোনাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।শেষত আপোনাৰ মৰমৰ লুকি।

স্বাগতা বৰুৱা গোস্বামী