ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক পদত অসম সন্তান তপন কুমাৰ ডেকা

ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক পদত অসম সন্তান তপন কুমাৰ ডেকা

ৰঙিলী বাৰ্ত্তাসেৱা-  ইন্টেলিজেন্স ব্যুৰোৰ পৰৱৰ্তী সঞ্চালক হ’ব অসম সন্তান তপন কুমাৰ ডেকা।জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক ইন্টেলিজেন্স ব্যুৰোৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী আদেশ অনুসৰি তেওঁ দুবছৰৰ বাবে আইবিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰে।তপন কুমাৰ ডেকা হিমাচল প্ৰদেশ কেডাৰৰ এজন ১৯৮৮ বেটছৰ আইপিএছ বিষয়া আৰু তেওঁ হৈছে উত্তৰ-পূবৰ প্ৰথম আৰক্ষী বিষয়া যাক ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে।উল্লেখযোগ্য যে ৫৮ বছৰীয়া তপন কুমাৰ ডেকাই আইবিৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দায়িত্বত আছিল।