ইণ্টাৰনেচনেল চিলড্ৰেনছ ৰাইটছ ছবি মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘শগুন’

pc- eastmojo

ইণ্টাৰনেচনেল চিলড্ৰেনছ ৰাইটছ ছবি মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘শগুন’

ৰঙিলী বাৰ্ত্তাসেৱা- ইণ্টাৰনেচনেল চিলড্ৰেনছ ৰাইটচ্ছ ছবি মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘শগুন’ নিৰ্বাচিত হৈছে। বিশিষ্ট লেখক-সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ চুটি গল্প ‘শগুন’ৰ আধাৰত একে নামেৰে নির্মিত চুটি ছবিখনৰ পৰিচালক উৎপল বৰপূজাৰী। ছবি নির্মাতা আৰু ছবিপ্রেমী ৰাইজক ২ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ তুৰস্কৰ ইজমিৰ চহৰত অনুষ্ঠিত হ’ব লগা এই মহোৎসৱলৈ ‘শগুন’ নির্বাচিত হোৱা খবৰে উৎফুল্লিত কৰি তুলিছে।আই এফ টি ইণ্ডিয়াৰ দ্বাৰা প্রযোজিত ‘শগুন’ ছবিখনে ইতিপূর্বে কেইবাটাও পুৰস্কাৰেৰে সন্মানিত হৈছে। এই চুটি ছবিখনৰ মুখ্য ভূমিকাত আছে সঞ্জীৱ হাজৰিকা, ধনঞ্জয় নাথৰ লগতে যুৱ প্ৰতিভা ৰিমঝিম ডেকা, অংকিতা শাণ্ডিল্য, শিশু শিল্পী কপিল গাৰো, অনুৰাগ ৰাভা আৰু আশিস ৰাভা।