ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অসমবাসীলৈ শুভেচ্ছা
ৰঙিলী বাৰ্ত্তাসেৱা- ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এক প্ৰেছ বাৰ্তাযোগে মন্ত্ৰী দাসে কয় যে বিগত সময়ত ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক বৰ্ষটোতো ৰাজ্যখনৰ জনসাধাৰণে নতুন কৰ্মোদ্যমেৰে ৰাজ্যখনৰ বিকাশৰ যাত্ৰাত সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ৰাজ্যখনত এতিয়া শান্তিপূৰ্ণ পৰিৱেশ বাহাল থকাৰ পৰিপ্ৰেক্ষিতত সকলোস্তৰৰ বিকাশে এক বিশেষ মাত্ৰা লাভ কৰিছে। আগন্তুক বৰ্ষটোতো এই ইতিবাচক পৰিৱেশে ৰাজ্যখনৰ উত্তৰণত বিশেষ প্ৰভাৱ পেলাব বুলি তেওঁ কয়। তেওঁ লগতে আগন্তুক বৰ্ষটোৱে যাতে সকলোৰে বাবে সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনা কৰে।