আৰক্ষীৰ জালত পৰিল কিডনী বিক্ৰী কাণ্ডৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰ

আৰক্ষীৰ জালত পৰিল কিডনী বিক্ৰী কাণ্ডৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভয়ংকৰ কিডনী বিক্ৰী কাণ্ডৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰ অৱশেষত আৰক্ষীৰ জালত পৰিল।তামিলনাডুত আত্মগোপন কৰা প্লাৱন বৰঠাকুৰ পৰিল আৰক্ষীৰ জালত।জাগীৰোডৰ দক্ষিণ ধৰমতুলত কিডনী কাণ্ডৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।কিডনী ব্যৱসায়ৰ মূল মাষ্টাৰ মাইণ্ড প্লাৱন বৰঠাকুৰক মৰিগাঁও জিলাৰ আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে।মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুলত দীৰ্ঘদিন ধৰি চলাই আহিছিল কিডনী ব্যৱসায় প্লাৱন বৰঠাকুৰে।দৰিদ্ৰতাৰ সুযোগ লৈ এচাম সহজ সৰল লোকক প্ৰলোভন দি তেওঁলোকৰ কিডনী বিক্ৰী কৰি অবৈধভাৱে ধন উপাৰ্জন কৰি কম সময়ৰ ভিতৰতে চহকী হৈ পৰিছিল মূল অভিযুক্ত পলাতক প্লাৱন বৰঠাকুৰ।আৰক্ষীৰ অধিক জেৰাৰ পাছত এই ঘটনাত জড়িত আৰু বহুতো ৰৌ বৰালী জালত পৰাৰ সম্ভাৱনা আছে।