আৰক্ষীৰে যদি নিৰাপত্তা নাই সাধাৰণ জনতাই কাক ভৰসা কৰিব ?  – দেবর্ষি গৌতম

Pc Wikipedia
আৰক্ষীৰে যদি নিৰাপত্তা নাই সাধাৰণ জনতাই কাক ভৰসা কৰিব ? 
দেবর্ষি গৌতম, বনগাঁও
অসম আৰক্ষীক অসমৰ জনসাধৰণৰ ৰক্ষক বুলি কোৱা হয়। সমাজত যিকোনো অপৰাধ মূলক কাৰ্য্য সংঘটিত হলেই মানুহে আৰক্ষীৰ কাষ চাপে। এগৰাকী সাধাৰণ মানুহে যিদৰে আৰক্ষী প্ৰশাসনক ভৰসা কৰি তেওঁলোকৰ ওচৰলৈ যায় ঠিক একেদৰে আৰক্ষীও সাধাৰণ জনতাক নিৰাপত্তা প্ৰদান কৰাটো তেওঁলোকৰ দায়িত্ব। যদি মানুহে আৰক্ষীৰ ওচৰলৈ যাবলৈ দ্বিধাবোধ কৰে তেনেহলে আমাৰ সমাজত আইন শৃংখলা একেবাৰে নোহোৱা হৈ পৰিব। অপৰাধী বোৰে বিনা দ্বিধাই তেওঁলোকৰ কাম কৰিবলৈ সাহস পাব। যদি পুলিচ বুলি কোৱাৰ পিছতো অপৰাধী সকলে ভয় নাখায় তেনেহলে সেইয়া পুলিচৰ চৰম ব্যৰ্থতাৰ বাহিৰে আন একো হব নোৱাৰে। বৰ্তমান সময়ত এনেধৰণৰ প্ৰশ্নবোৰ উত্থাপন হোৱাৰ মূলতে হৈছে এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন আৰু দায়িত্বশীল আৰক্ষী বিষয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ বাবে। বৰ্তমান সময়ত এগৰাকী দক্ষ আৰু দায়িত্বশীল মহিলা আৰক্ষী বিষয়াৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ ঘটনাটোৱে কিছু ৰহস্যৰ মাজত সোমাই পৰাৰ সমান্তৰালকৈ তেখেত যে আৰক্ষী হৈও নিৰাপত্তাহীনতাত ভুগিছিল সেই কথাৰ বুবু-বাবা হবলৈ আৰম্ভ কৰিছে। এগৰাকী মহিলা যদি পুলিচ বিষয়া হোৱাৰ পিছতো সুৰক্ষিত নহয় তেনেহলে এইখন অসমত সাধাৰণ লোকে কাৰ সুৰক্ষাত আশ্বস্ত হৈ মুক্তমনে বিচৰণ কৰিব ? পুলিচ বিষয়া এগৰাকীক তেওঁৰে বিভাগৰ অন্য পুলিচ বিষয়া সৈতে মিলি অপৰাধী কেইগৰাকী মানে হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। আচলতে অসম আৰক্ষীৰ কিছুমান শীৰ্ষ পৰ্য্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি নিম্ন পৰ্য্যায়ৰ কৰ্মচাৰীলৈ অপৰাধীৰ লগত মিতিৰালি কৰি কিছুমান বেআইনী কাম কৰি থকাৰ যি অভিযোগ উত্থাপিত হৈছে সেয়া সচাকৈ পুলিচ প্ৰশাসনৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক। সঁচা মিছা তদন্তৰ অন্ততহে নিশ্চিত হব কিন্তু বৰ্তমান যি অভিযোগ-প্ৰতিঅভিযোগ উত্থাপিত হৈছে সেইবোৰে সাধাৰণ মানুহৰ মনত পুলিচৰ প্ৰতি থকা নেতিবাচক ধাৰণা সমূহক আৰু অধিক শক্তিশালী হবলৈ সুযোগ প্ৰদান কৰিব। সাধাৰণ জনতাক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিবৰ্তে যদি পুলিচ প্ৰশাসনৰ লোক সকলে অপৰাধীৰ ৰক্ষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উত্থাপিত হয় তেনেহলে অসমৰ সকলো ধৰণৰ অপৰাধীৰ বাবে এক সুৰক্ষিত স্থান হিচাপে বিবেচিত হব। আমি বহু সময়ত শুনিবলৈ আৰু দেখিবলৈ পাওঁ যে ৰাজ্যত মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হয়। কিন্তু সেই অপৰাধ জনিত ঘটনা সমূহ সংঘটিত হোৱাৰ পিছত পুলিচৰ মুখলৈ মানুহে আশাৰে বাট চাই থাকে যে পুলিচে অপৰাধীক কৰায়ত্ত কৰিব আৰু আদালত অপৰাধীয়ে উচিত শাস্তি লাভ কৰিব। যদি অপৰাধ সংঘটিত কৰা লোকসকলো পুলিচ হয় আৰু অপৰাধৰ বলি হোৱা মহিলা গৰাকীও যদি পুলিচ হয় তেনেহলে সাধাৰণ জনতাই কাক বিশ্বাস কৰিব আৰু কাৰ মুখলৈ চাই ন্যায়ৰ আশা কৰিব। যদি নিজে পুলিচ বিষয়া হোৱাৰ পিছতো এগৰাকী মহিলা নিজে সুৰক্ষিত নহয় তেনেহলে সাধাৰণ মহিলা সকল কিমান সুৰক্ষিত তাকে লৈ বহুতো প্ৰশ্নৰ অৱতাৰণা হব। ইমানবোৰ অভিযোগ প্ৰতিঅভিযোগ উত্থাপন হোৱাৰ পিছত ঘটনাৰ তদন্ত ইতিমধ্যে কেন্ত্রীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পণ কৰাৰ কথা ঘোষণা কৰা হৈছে। তদন্তৰ ভাৰ অপৰ্ণ কৰাৰ সমান্তৰালকৈ যাতে এই তদন্তত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে আৰু এক নিকা- নিৰপেক্ষ তদন্ত হয় তাৰ বাবে চৰকাৰ আৰু পুলিচ-প্ৰশাসনে চোকা নজৰ ৰাখিব লাগে। যদি তদন্তত কিবা আসোঁৱাহ থাকি যায় তেনেহলে হয়তো বহুতো ৰৌ-বৰালি আৰক্ষীৰ জালত পৰাৰ পৰা সাৰি যাব।