আহিম এদিন সময় পালে – এছ ইছলাম

আহিম এদিন সময় পালে
এছ ইছলাম, শিক্ষক, বৰপেটা
কলংপাৰলৈ
আহিম এদিন সময় পালে
জীৱন-যৌৱনৰ ভৰ দুপৰীয়াত
তোমাৰ মৰমে ৰিঙিয়াই মাতিছে মোক।
আহিম এদিন
সোঁৱৰণি গ্ৰন্থৰ পাত লুটিয়াই পঢ়িম
মোৰ প্ৰেমিকে মোৰ স্মৃতিত লিখা
দুখ-যন্ত্ৰণাৰ এমুঠিমান জীয়া কবিতা।
আহিম এদিন
মোৰ প্ৰেমিকৰ উৰুখা পঁজাত
এখন্তেক ৰৈ শুনিমঃ
বিষাদ-বেদনাৰে ভৰা নিঃসংগ নিশাৰ
উচুপনি অথবা হৃদয় ভঙা প্ৰেমৰ গান।
আহিম এদিন
অনুভব কৰিব পাৰিম মোৰ প্ৰেমিকৰ
অশ্ৰুসিক্ত নয়ন দগ্ধ মন
স্তব্ধ সময় আৰু অকলশৰীয়া জীৱন।
শুনিছোঁ মই
মোলৈ বিনম্ৰ আহ্বান
আহিম এদিন সময় পালে
চাই যাম মোৰ প্ৰেমিকক
মোৰ প্ৰেমিক যে আজি সংগীবিহীন!