“আলোক সন্ধানী অকণিৰ মেল”ৰ তৰফৰ পৰা আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ ‘অসমীয়া যুৱ জাগৰণ সমিতি’ৰ চাৰিজন সদস্যৰ

“আলোক সন্ধানী অকণিৰ মেল”ৰ তৰফৰ পৰা আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ ‘অসমীয়া যুৱ জাগৰণ সমিতি’ৰ চাৰিজন সদস্যৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ৫ আগষ্ট, ২০২৩ ইং তাৰিখে ‘অসমীয়া যুৱ জাগৰণ সমিতি’ৰ চাৰিজন সদস্যই “আলোক সন্ধানী অকণিৰ মেল”ৰ তৰফৰ পৰা আয়োজন কৰা এটি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে । জ্ঞান আহৰণ তথা বিকাশৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা শিশুসকলৰ সুপ্ত প্ৰতিভাক বিকশিত কৰাৰ উদ্দেশ্যে উক্ত অনুষ্ঠানটি আয়োজিত কৰা হৈছিল। বৰ্তমানৰ যুৱ প্ৰজন্মৰ লগতে উত্তৰ প্ৰজন্মৰ প্ৰতিভা বিকাশ তথা জ্ঞান আহৰণৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা অসমীয়া যুৱ জাগৰণ সমিতিৰ এক অন্যতম উদ্দেশ্য। এই উদেশ্য বাস্তৱায়িত কৰি ‘অসমীয়া যুৱ জাগৰণ সমিতি’য়ে সময়ে সময়ে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ অহাৰ লগতে সক্ৰিয়ভাৱে জড়িত হৈ আহিছে । কালি হৈ যোৱা “আলোক সন্ধানী অকণিৰ মেল”ৰ অনুষ্ঠানখনত উপস্থিত থাকে ক্ৰমে ‘অসমীয়া যুৱ জাগৰণ সমিতি’ৰ প্ৰতিষ্ঠাপক শ্ৰী মণিমুগ্ধ মেধি, সভাপতি দেৱাশিষ তালুকদাৰ, উপ-সভাপতি কৌশিক নাথ আৰু যুটীয়া সম্পাদক তথা কোষাধ্যক্ষ নিকুঞ্জ শৰ্মা ।