আলফা (স্বা)ক তীব্ৰ সমালোচনা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ

PC -sentinel assam

আলফা (স্বা)ক তীব্ৰ সমালোচনা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ

ৰঙিলী বাৰ্ত্তাসেৱা –  আলফা (স্বা:) সন্দৰ্ভত বিস্ফোৰক মন্তব্য বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ।ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ দুগৰাকী যুৱকক মৃত্যুদণ্ড দিয়াৰ পাছতেই বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে,”ভাৰতৰ ১৪ লক্ষ সৈনিকৰ লগত কেনেকৈ যুঁজিব আলফা (স্বা)ই? একাংশ পথভ্ৰষ্ট,নপঢ়া-নুশুনা যুৱক-যুৱতীহে আলফালৈ গৈছে।”উল্লেখযোগ্য যে বহুবাৰ আলফা আৰু পৰেশ বৰুৱাক মুকলিকৈ সমালোচনা কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।ইয়াৰ পূৰ্বেও ৰাজ্যৰ প্ৰবীণ সাংবাদিক গৰাকীয়ে আলফা(স্বাঃ) সন্দৰ্ভত কৈছিল যে,”আলফাৰ বাবে অসমৰ পৰা ৪৫ হাজাৰ কোটি টকাৰ মূলধন গ’ল।সেই সময়ত আলফাৰ বাবেই অসমৰ পৰা গুচি গ’ল বহু ব্যৱসায়ী।আনকি আলফাৰ বাবেই অসমীয়া ল’ৰাক সন্ত্ৰাসবাদী বুলি ভবা হ’ল।পৰেশ বৰুৱাক এজন অপৰাধী।এজনো অসৎ লোকক হত্যা কৰিব নোৱাৰা আলফাই কেৱল নিৰীহ লোককহে হত্যা কৰিলে।”