আম আদমী পাৰ্টি, অসমৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবীত প্ৰতিবাদ

আম আদমী পাৰ্টি, অসমৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবীত প্ৰতিবাদ 

ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমি পাৰ্টি অসমে ৰাজভৱনলৈ যোৱা পথৰ পানীটেংকীৰ কাষত আপৰ মুখ্য সমন্বয়ক ড° ভুবন চৌধুৰীৰ নেতৃত্বত প্ৰায় ২০ জনমান সদস্যাই উক্ত স্থানতে নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ উক্ত স্থানৰ পৰা আপৰ মুখ্য সমন্বয়ক ড° ভুবন চৌধুৰীৰ নেতৃত্বত এটা সজাতি দলে ৰাজভৱনলৈ গৈ ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰাৰ উদ্দেশ্যে গৈছিল যদিও মহামহিম্ ৰাজ্যপাল ৰাজভৱনত উপস্থিত নথকাত ৰাজভৱনৰ মুখ্য দুৱাৰত থকা অসম আৰক্ষীৰ বিশেষ শাখাৰ কৰ্ত্যব্যৰত আৰক্ষীৰ হাতত নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিবলৈ আপ, অসমে এখন দাবী সন্মিলিত স্মাৰক-পত্ৰ প্ৰদান কৰি ৬ জনীয়া সজাতি দলটো ঘূৰি আহি উক্ত গন্তব্য স্থানত তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰ।