আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জন্মদিন উদযাপন

আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জন্মদিন উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জন্মদিন  গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা হয়। ১৯৬৮ চনৰ ১৬ আগষ্টত হাৰিয়ানাৰ চিৱানত জন্মগ্ৰহণ কৰা কেজেৰিৱাল ৫৫ বছৰ বয়সত ভৰি দিয়ে। সেই উপলক্ষে ৰাজ্যিক কাৰ্য্যালয়তো দলৰ মুখ্য নেতাজনৰ জন্মদিন অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়। দলৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কেক কাটি নেতাজনৰ জন্মদিনটো উদযাপন কৰে। দলৰ উপ-সভাপতি লক্ষ্মীকান্তক ডুবে, সাংগঠনিক সম্পাদক ব্ৰজন সন্দিকৈ, জয়ন্ত শইকীয়া, মিডিয়া বিভাগৰ সমন্বয়ক জয়ন্ত কুমাৰ কলিতা, মুখপাত্ৰ অনুৰূপা ডেকাৰজা, আলাউদ্দিন আহমেদ, যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাকে ধৰি আন আন বিষয়ববীয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে।