আম্বুজা চিমেণ্টছ আৰু এচিচিৰ হোলচিমৰ অংশীদাৰিত্ব ১০.৫ বিলিয়ন ডলাৰত ক্ৰয় কৰিব আদনীয়ে

pc Mint

আম্বুজা চিমেণ্টছ আৰু এচিচিৰ হোলচিমৰ অংশীদাৰিত্ব ১০.৫ বিলিয়ন ডলাৰত ক্ৰয় কৰিব আদনীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা–  আদানি গ্ৰুপে ঘোষণা কৰে যে তেওঁলোকে আম্বুজা চিমেণ্টছ আৰু এচিচিত হোলচিমৰ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিব। হোলচিমৰ অংশীদাৰিত্ব আৰু মুকলি অফাৰৰ বিবেচনাৰ বাবে মূল্য প্ৰায় ১০.৫ বিলিয়ন ডলাৰ। ই হ’ব আদানী গ্ৰুপৰ বাবে এতিয়ালৈকে হোৱা সৰ্ববৃহৎ অধিগ্ৰহণ আৰু ভাৰতৰ আন্তঃগাঁথনি আৰু সামগ্ৰীৰ ক্ষেত্ৰত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ লেনদেন। চুইজাৰলেণ্ডস্থিত হোলচিমৰ আম্বুজা চিমেণ্টছৰ ৬৩.১৯% আৰু এচিচিৰ ৫৪.৫৩% অংশীদাৰিত্ব আছে।