আমাৰ সমাজত নাৰীৰ স্থান-  ডা০ যুতিকা ওজা

Pc. Capstone On Campus Management

আমাৰ সমাজত নাৰীৰ স্থান

 ভাৰতবৰ্ষৰ সংবিধানত পুৰুষ আৰু মহিলা উভয়কে সমান অধিকাৰ প্ৰদান কৰা হৈছে। আজিৰ যুগত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলে প্ৰায় সকলো ক্ষেত্ৰতে আগুৱাই গৈছে। দেশ এখন উন্নতিৰ পথেৰে আগুৱাই যাবলৈ হ’লে পুৰুষ মহিলা উভয়ৰে অৰিহনা অনস্বীকাৰ্য্য। তাৰ বাবে সমাজত পুৰুষৰ লগতে নাৰীসকলেও সম অধিকাৰ আৰু সমান সুবিধা পোৱাটো অতি প্ৰয়োজনীয়।

বুৰঞ্জী ফঁহিয়াই চালে দেখা পোৱা যায় যে বিগত এটা বা দুটা দশক আগলৈকে আমাৰ সমাজত নাৰীৰ প্ৰতি বৈষম্যতা চলি আহিছিল। কেৱল অসম বা ভাৰততে নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত পুৰুষৰ তুলনাত মহিলাৰ স্থান সদায় তলত আছিল। শিশুটি গৰ্ভত থকা সময়ৰ পৰাই এই বৈষম্যতা আৰম্ভ হৈছিল। গৰ্ভস্থ শিশুটি কন্যা সন্তান হ’লে ভ্ৰন হত্যাৰ লগতে কন্যা শিশুৰ জন্মৰ লগে লগে হত্যা কৰাৰ নিচিনা নাৰকীয় ঘটনা ঘটিছিল। অৱশ্যে সামাজিক সচেতনতা, চৰকাৰ দ্বাৰা ভ্ৰন হত্যাৰ বিৰুদ্ধে আইন প্ৰণয়ন আদিৰ ফলত উপৰোক্ত হৃদয় বিদাৰক ঘটনা বিলাক বৰ্তমান নাইকিয়া হৈছে। তৎস্বত্বেও, এতিয়াও কিছুমান সমাজত কন্যা শিশুৰ জন্ম হ’লে এটা গধুৰ বোজা বুলি জ্ঞান কৰে।

এতিয়াও আমাৰ সমাজত এনেকুৱা কিছুমান লোক আছে যিয়ে ঘৰখনত পুত্ৰ সন্তান জন্ম হ’লেহে আনন্দ কৰে। ঘৰৰ ভাল খোৱাবস্তু আৰু পৰিমানত সৰহখিনি বেছিভাগ ক্ষেত্ৰত ল’ৰাজনেহে পায়। একে লগৰ ছোৱালীজনীয়ে কিন্তু সেইখিনি সুবিধা নাপায়। এনেবোৰ কাৰণতে ল’ৰাতকৈ ছোৱালীসকল বেছিকৈ পুষ্টিহীনতাত ভোগে। বাল্যকাল আৰু কিশোৰ অৱস্থাত নিৰ্ধাৰিত পৰিমাণৰ সুষম আহাৰ নোপোৱাৰ ফলত বহুতো ছোৱালীয়ে আইৰণ, আয়’ডিন, ভিটামিন আদিৰ অভাৱজনিত ৰোগত ভোগে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৰ্তমান চৰকাৰে বহুখিনি আঁচনি হাতত লৈছে। বিদ্যালয়ত মধ্যাহ্ন ভোজন, ছাত্ৰীসকলক বিনামূলীয়া আইৰণ টেবলেট বিতৰন , কিশোৰীসকলৰ বাবে লোৱা আঁচনি আদিৰ ফলত ছোৱালীসকল যথেষ্ট উপকৃত হৈছে।

শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো পূৰ্বৰ তুলনাত নাৰীৰ বৰ্তমানৰ হাৰ কিছু আশাব্যঞ্জক। তৎস্বত্বেও, এতিয়াও কিছুমান ৰাজ্যত ছোৱালীতকৈ ল’ৰাকহে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া যায়। অৱশ্যে, চৰকাৰে চাকৰিৰ ক্ষেত্ৰত মহিলাৰ বাবে আসন সংৰক্ষনৰ বাবে ব্যৱস্থা কৰিছে। তাৰ ফলত কৰ্মক্ষেত্ৰত লাহে লাহে মহিলাৰ সংখ্যা বাঢ়ি আহিছে। কিন্তু বহুক্ষেত্ৰত, ঘৰৰ দায়িত্বসমূহৰ বাবে মহিলাসকলে ঘৰৰ বাহিৰলৈ বা কৰ্মক্ষেত্ৰলৈ যাব নোৱাৰে। কেতিয়াবা আৰু ঘৰুৱা সমস্যাৰ বাবে কৰি থকা চাকৰি এৰি দিবলগীয়া হয়।

সমাজৰ আন এক ভয়ংকৰ দিশ বাল্য বিবাহৰ প্ৰচলন এতিয়াও আছে। বহু সমাজত জন্ম হোৱাৰ পিছৰপৰা ছোৱালীজনীক শিক্ষা দীক্ষাৰে উপযুক্ত কৰি তোলাতকৈ বিয়াৰ চিন্তাহে অধিক কৰা দেখা যায়। সেইবাবে পঢ়া শুনাতকৈ ঘৰুৱা কাম কাজ, ৰন্ধাবঢ়া আদি কামত ছোৱাসীসকলক ব্যস্ত ৰখা দেখা যায়। যৌতুক প্ৰথাৰ প্ৰচলনেও বহুতো অভিভাৱকক চিন্তাত পেলায়। অৱশ্যে, আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যৌতুক প্ৰথাৰ প্ৰচলন নাই।

যিহেতু, সুষ্ট সমাজ এখন গঢ়ি তুলিবলৈ পুৰুষ মহিলা উভয়ৰে অৰিহনা সমান, সেইবাবে চৰকাৰে নাৰী সবলীকৰণৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে। বিগত সময়ছোৱাত ‘বেটী বচাও, বেটী পঢ়াও’ কাৰ্যসূচীৰ দ্বাৰা কন্যাশিশুৰ নিৰাপত্তা নিশ্চিত কৰা আৰু শিক্ষাৰ মান উন্নত কৰা হৈছে।

সেইকাৰণে, মহিলাসকলক ঘৰুৱা বিষয়সমূহৰ উপৰিও সামাজিক কাম-কাজ সমূহত আগবাঢ়িযাবলৈ দিব লাগে। ঘৰৰ মানুহজনী সুস্থ থাকিলেহে ঘৰৰ সকলো কামকাজ নিয়াৰিকৈ চলিব। গতিকে মানুহগৰাকীৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান দিব লাগে। এতিয়াও খোৱা বোৱাৰ ক্ষেত্ৰত দেখা যায় যে সকলোৰে খোৱা বোৱা হোৱাৰ পিছতহে মহিলাসকলে খায়। সেইবিষয়ত সকলোৱে চকু দিয়া উচিত।

সামাজিক সমতা এক অতি গুৰুত্বপূৰ্ণ বিষয় যিয়ে সমাজৰ সুস্থিৰ বিকাশত সহায় কৰে। সেইবাবে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ লগতে মহিলাৰ নিৰক্ষৰতা দূৰীকৰণৰ ব্যৱস্থা হাতত লোৱা উচিত। শিক্ষিত মহিলাই শিক্ষাৰ মূল্য বুজি পায় আৰু ল’ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে। উচিত শিক্ষাৰ ফলত মহিলাৰ মাজত আত্মবিশ্বাসৰ অভাৱ দূৰ হয় আৰু ইয়ে আমাৰ দেশক উন্নতিৰ পথলৈ আগুৱাই নিয়াত সহায়ক হয়।

অলপতে প্ৰকাশ পোৱা  Gender Gap Index(2021) সমীক্ষাৰ ১৫৬খন দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান ১৪০, যি সচাঁকৈয়ে ভৱিষ্যতৰ এক ভয়াবহ ছবিৰ সংকেত দিছে।

অৰ্থনীতি ক্ষেত্ৰ, শিক্ষা, স্বাস্থ্য আৰু ৰাজনৈতিক সবলীকৰণৰ ভিত্তিত প্ৰস্তুত কৰা পুৰুষ আৰু মহিলাৰ তুলনাত্মক এই বিশ্লেষণত ভাৰতবৰ্ষৰ স্থান অত্যন্ত পুতৌজনক। এইক্ষেত্ৰত নিশ্চয়কৈ আমাৰ সকলোৰে কৰণীয় আছে।

 ডা০ যুতিকা ওজা
মুৰব্বী অধ্যাপিকা, কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
ফোন নং- ৯১০১০১৯৫৮১