আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত আল-কায়েদা নেতা আয়মান আল-জাৱাহিৰী নিহত

Pc The Financial Express

আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত আল-কায়েদা নেতা আয়মান আল-জাৱাহিৰী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিআইএৰ দ্বাৰা ড্ৰোন আক্ৰমণত আল-কায়েদা নেতা আয়মান আল-জাৱাহিৰী নিহত হয়। জাৱাহিৰী ৯/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ এক গুৰুত্বপূৰ্ণ ষড়যন্ত্ৰকাৰী আছিল আৰু ২০১১ চনত ওছামা বিন লাদেনৰ মৃত্যুৰ পিছত দলটোৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।ৰাষ্ট্ৰপতি জো বাইডেনে টুইটযোগে কয়, মোৰ নিৰ্দেশত আমেৰিকাই আফগানিস্তানৰ কাবুলত এক সফল বিমান আক্ৰমণ চলায়, য’ত অল কায়দাৰ নেতা আয়মান আল জৱাহিৰি নিহত হয়। আল জৱাহিৰিৰ বিৰুদ্ধে আমেৰিকাত হোৱা কেইবাটাও আক্ৰমণৰ অভিযোগ আছিল। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত হোৱা বিমান আক্ৰমণৰ ঘটনাত জৱাহিৰিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। “ন্যায় প্ৰদান কৰা হৈছে আৰু এই সন্ত্ৰাসবাদী নেতাজন আৰু নাই,” বাইডেনে কয়।