‘আন্তঃৰাষ্ট্ৰীয় জ্যোতির্বিজ্ঞান অনুসন্ধান কলেবৰেচন’ৰ দ্বাৰা আয়োজিত গ্রহাণু অনুসন্ধান গৱেষণাত ১২টাকৈ গ্রহাণুৰ সন্ধান লাভ 

Pc- NASA

‘আন্তঃৰাষ্ট্ৰীয় জ্যোতির্বিজ্ঞান অনুসন্ধান কলেবৰেচন’ৰ দ্বাৰা আয়োজিত গ্রহাণু অনুসন্ধান গৱেষণাত ১২টাকৈ গ্রহাণুৰ সন্ধান লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ দহগৰাকী শিক্ষক আৰু চাৰিগৰাকী শিক্ষাৰ্থীৰ এটা গোটে ‘আন্তঃৰাষ্ট্ৰীয় জ্যোতির্বিজ্ঞান অনুসন্ধান কলেবৰেচন’ৰ দ্বাৰা আয়োজিত গ্রহাণু অনুসন্ধান গৱেষণাত অংশগ্রহণ কৰি ১২টাকৈ গ্রহাণুৰ সন্ধান লাভ কৰিছে আৰু এটা গ্রহাণুৰ সন্ধান গৱেষণাৰ জৰিয়তে লাভ কৰা তেজপুৰৰ ছাত্ৰ এগৰাকী দলটোৰ সৰ্বকনিষ্ঠ সদস্য হিচাপে বিবেচিত হোৱাত স্বাভাৱিকতে তেজপুৰৰ বিদ্যালয়খনত আনন্দৰ জোৱাৰ উঠিছে।দেশৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান মানসিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈজ্ঞানিক দৃষ্টিভংগীসম্পন্ন হিচাপে গঢ়ি তুলিবলৈ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰি অহাৰ সময়তে তেজপুৰ বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আয়ুস কুমাৰ ঝা নামৰ একাদশ শ্রেণীৰ ছাত্ৰজনে নিজৰ গৱেষণালব্ধ প্রয়াসেৰে মহাকাশৰ এক গ্রহাণুৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে।আন্তঃৰাষ্ট্ৰীয় জ্যোতির্বিজ্ঞান অনুসন্ধান কলেবৰেচনৰ দ্বাৰা এই গ্রহাণুৰ অনুসন্ধান কাৰ্যসূচীত ‘পান ষ্টাটাৰ্ছ অবজাৰভেটৰী’য়ে পঠো মহাকাশৰ বিশেষ ছবিৰ পৰা অসমৰ শৈক্ষিক ক্ষেত্ৰৰ এই দলটোৱে সৰ্বমুঠ ১২টা ম’ভিং অবজেক্ট বিচাৰিবলৈ সক্ষম হয়।