আধৃতি
কিয় জানোঁ মনটো আজি স্থিৰ নহয়,
সম্বন্ধ আৰু আৱেগৰ মাজৰ কথাবোৰ মোৰ নহয়।
হাজাৰটা চেষ্টাৰ অন্ততো সপোন বোৰ পূৰ নহয়,
যদিওবা মোৰ তথাপি ই স্থায়ী নহয়।
ক’বলৈ সহজ কিন্তু কৰিবলৈ উজু নহয়,
যদিওবা প্ৰেম মোৰ , তথাপি তেওঁ মোৰ নহয়।
প্ৰেম নো কি, সদায় একপক্ষত নহয়।
সময়ৰ পাকচক্রত , অজুহাত শেষ নহয়।
হয়তো তেওঁ বাধ্য, অনিচ্ছা স্বত্বেও মানিবলৈ।
হয়তো ই এক অজুহাত, সম্বন্ধ সলাবলৈ।
নতুবা ই সময়ৰ আহ্বান,
নতুন জীৱনক আঁদৰিবলৈ।
পিছে, জীৱনৰ এই ৰঙবোৰ কাৰ বাবে ?
তেওঁ আজি সাজিব আনৰ বাবে।
তেওঁ আজি হাহিঁব আনৰ বাবে।
নিজক সলাব একমাত্র আনৰ বাবে।
তেওঁ নিজক হেৰুৱাব আনৰ বাবে।
শেষত ৰ’ব কি?
হয়তো বিষাদ ভৰা অপূর্ণ আশা,
নাইবা তেওঁৰ ঠেহ ভৰা বিশ্বাস আৰু ভৰশা।
পিছে সচাঁ অৰ্থত একোৱেই স্থায়ী নহয়।
সময়ৰ পাকচক্রত , অজুহাত শেষ নহয়।
দিপাংকৰ শইকীয়া
ছাত্র, দৰং মহাবিদ্যালয়