আজি হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন

Pc NDTV.com

আজি হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন। ইতিমধ্যে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। ৬৮খন আসনবিশিষ্ট হিমাচল প্ৰদেশ বিধানসভাৰ এইবাৰৰ নিৰ্বাচনত মুঠ ৪১২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। এই নিৰ্বাচনৰ ফলাফল আগন্তুক ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব। উল্লেখ্য যে,পাহাৰীয়া ৰাজ্যখনত ৫৫ লাখতকৈ অধিক ভোটাৰ আছে যিয়ে এই ৬৮ টা সমষ্টিৰ ক্ষেত্ৰত ৪১২জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব। নিৰ্বাচনী যুজঁত মুখ্য চেহেৰাসমূহৰ ৰূপত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰৰ পুত্ৰ বিক্ৰমাদিত্য সিং আৰু প্ৰাক্তন বিজেপি অধ্যক্ষ সতপাল সিং সত্তী আছে। নিৰ্বাচনত মুখ্য প্ৰতিদ্বন্দিতা বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত থাকিব।