আজি বিশ্বকাপৰ ফাইনেলত ভাৰত-অষ্ট্ৰেলিয়াৰ মহাৰণ

আজি বিশ্বকাপৰ ফাইনেলত ভাৰত-অষ্ট্ৰেলিয়াৰ মহাৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি বিশ্বকাপৰ মহাৰণ। সমুখ সমৰত দুই মহাশক্তি ভাৰত বনাম অষ্ট্ৰেলিয়া। সুদীৰ্ঘ দুটা দশকৰ পিছত এদিনীয়া বিশ্বকাপৰ ফাইনেলত পুনৰ মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া। একেৰাহে ১০খন মেচত জয়লাভ কৰি খিতাপৰ যুঁজলৈ উন্নীত হৈছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া। ইয়াৰ বিপৰীতে প্ৰথম দুখন মেচত পৰাজয়বৰণ কৰাৰ পিছত দুর্দান্ত প্রত্যাবর্তনেৰে একেৰাহে ৮খন মেচত বিজয়ী হৈ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া। ২০১১ চনত মহেন্দ্ৰ সিং ধোনীৰ ভাৰতে বিশ্বকাপ জয় কৰাৰ পিছত ১২ বছৰ প্ৰতীক্ষা কৰিবলগীয়া হৈছে ভাৰতীয় অনুৰাগীসকলে।আজিৰ ফাইনেলত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁৰ লগতে এই হাইভল্টেজ ফাইনেলত আমন্ত্রিত অতিথি হিচাপে ভাগ ল’ব অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী ৰিছাৰ্ড মাৰ্লছ। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলো উপস্থিত থাকিব। আহমেদাবাদ মেচৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠকত নিৰাপত্তা, পৰিচ্ছন্নতা আৰু ট্ৰেফিক ব্যৱস্থাপনাৰ বিষয়ে বিস্তৃত পর্যালোচনা কৰে। উল্লেখ্য যে ফাইনেলত উপস্থিত থকাৰ বাবে আমন্ত্রণ জনোৱা হৈছে ইতিমধ্যে বিশ্বকাপ জয় কৰা দলসমূহৰ অধিনায়কসকলক। তেওঁলোকক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ’ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেগা ফাইনেল উপভোগ কৰিব দেশৰ অসংখ্য ৰাজনৈতিক নেতাৰ লগতে সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিসকলে।  এই ঐতিহাসিক ফাইনেলৰ সাক্ষী হ’ব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সম্প্ৰতি ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীগৰাকী তাৰ পৰাই আহমেদাবাদত উপস্থিত হ’ব আৰু উপভোগ কৰিব ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া চলিত বিশ্বকাপৰ চূড়ান্ত মেচখন।