আজি উদ্বোধন কৰা হ’ব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন

আজি উদ্বোধন কৰা হ’ব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধানসভাৰ নতুন ভৱনৰ আজি উদ্বোধন কৰা হ’ব। আটকধুনীয়াকৈ সজাই তোলা বিধানসভাৰ নৱনিৰ্মিত ভৱনটো আজি আনুষ্ঠানিকভাৱে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মুকলি কৰিব।অসমবাসীয়ে লাভ কৰিব স্থায়ী বিধানসভা ভৱন।প্ৰায় ৩৫১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা স্থায়ী ভৱনটো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ আন আন মন্ত্ৰী-বিধায়ক তথা কৰ্মকৰ্তাৰ উপস্থিতিত অসম বিধানসভাৰ স্থায়ী ভৱনটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিব। উল্লেখ্য যে, বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে বিধানসভাৰ নতুন ভৱনটোৰ ভিতৰচ’ৰা সজোৱা হৈছে ৷ ভৱিষ্যতে অসমৰ সকলো লোকসংস্কৃতিক বিধানসভাত সংযোজন কৰা হ’ব। বিধানসভাৰ নতুন প্ৰকল্পত ঐতিহ্য আৰু অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটিব ৷ইফালে ১৫ মহলীয়া ভৱনটোত থাকিব অত্যাধুনিক সা-সুবিধা। দুখন মূল প্ৰৱেশ দ্বাৰ থকা অসম বিধানসভাৰ স্থায়ী ভৱনটোৰ প্ৰথম মহলাত ১৭২জন বিধায়ক বহিব পৰাকৈ আসন থাকিব। আনহাতে ভৱনটোৰ সন্মুখ ভাগত এখন আটকধুনীয়া ফুলনি বাগিচাৰো ব্যৱস্থা কৰা হৈছে।উল্লেখ্য যে,১৮,৪৫৯ বৰ্গ মিটাৰৰ এই নতুন ভৱনটোৰ নিৰ্মাণৰ কাম ২০০৮ চনতে আৰম্ভ কৰা হৈছিল।